Home › দেশ পাকিস্তানত নিৰ্বাচন জয়ী হ’ব পৰাকৈ প্ৰস্তুত কৰা হৈছে কংগ্ৰেছৰ ইস্তাহাৰ- দাবী হিমন্ত বিশ্ব শৰ্মাৰ April 23, 2024 1:40 pm · এন ই নাও নিউজ, গুৱাহাটী পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কংগ্রেছৰ ইস্তাহাৰৰ ওপৰত আক্ৰমণাত্মক হৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে কয় যে কংগ্রেছ দলৰ ইস্তাহাৰ এনেদৰে প্রস্তুত কৰা হৈছে যে তেওঁলোকে যাতে পাকিস্তানতহে নির্বাচনত জয়ী হয়৷ ড° শৰ্মাই কয় যে , “কংগ্ৰেছ দলৰ ইস্তাহাৰ এনেদৰে প্ৰস্তুত কৰা হয় যে তেওঁলোকে যাতে পাকিস্তানত অনুষ্ঠিত নিৰ্বাচনতহে জয়ী হয়। কংগ্ৰেছৰ ইস্তাহাৰ পাকিস্তানৰ জনসাধাৰণৰ বাবে বেছি আৰু ভাৰতৰ জনসাধাৰণৰ বাবে কম। কংগ্ৰেছে এনে এখন ইস্তাহাৰ প্ৰস্তুত কৰিছে যিয়ে সাধাৰণ জনতাৰ পৰা সম্পদ কাঢ়ি নিব আৰু কংগ্ৰেছে দেশৰ অৰ্থনীতি ধ্বংস কৰিব। আমি কংগ্ৰেছৰ ইস্তাহাৰৰ ব্যাখ্যা সঠিকভাৱে কৰিছোঁ। এই ইস্তাহাৰ যে তুষ্টিকৰণৰ বাহিৰে আন একো নহয়, সেইটো দেখুৱাবলৈ ৰাজহুৱা বিতৰ্কৰ বাবে তেওঁলোকক প্ৰত্যাহ্বান জনাম।” মুখ্যমন্ত্ৰী শৰ্মাই ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণৰ সমৰ্থনত কয় যে “যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ই মানুহৰ ধন-সম্পত্তি মুছলমানক পুনৰ বিতৰণ কৰিব।” শৰ্মাই কয়, ‘প্ৰধানমন্ত্ৰীয়ে শুদ্ধকৈ কৈছে যে দেশৰ সম্পদৰ ওপৰত সকলোৰে অধিকাৰ আছে।পিছে কংগ্ৰেছে দেশৰ সম্পদৰ প্রথম অধিকাৰ এটা বিশেষ সম্প্রদায়ৰ লগত আছে বুলি কিয় ক’লে? সেয়া কংগ্রেছ দলৰ কাম৷” তদুপৰি এজন সাংবাদিকে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়ে সোধাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘পাপ্পু’ৰ বাবেহে ৰাহুল গান্ধী শ্ৰেষ্ঠ প্ৰাৰ্থী। ‹ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ… ড° মনমোহন সিঙৰ বক্তব্যক বিকৃত ৰূপত প্ৰধানমন্ত্ৰী… › Related News২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবেJuly 10, 2026 10:36 am · এন ই নাও নিউজ, গুৱাহাটী ‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰJuly 10, 2026 9:31 am · এন ই নাও নিউজ, গুৱাহাটী প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সেJuly 10, 2026 8:06 am · এন ই নাও নিউজ, গুৱাহাটী সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদJuly 10, 2026 6:45 am · এন ই নাও নিউজ, গুৱাহাটীপ্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্কJuly 9, 2026 8:43 pm · এন ই নাও নিউজ, গুৱাহাটী