• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইগৰাকীৰ পিছত সিগৰাকী! হিমন্তৰাজত ধৰ্ষণ বলি নাবালিকা : কংগ্ৰেছ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 28, 2024 5:56 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নাৰী নিৰ্যাতন, ধৰ্ষণ কৰিবলৈ বিজেপি নেতাক লাইচেঞ্চ দিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? : সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ প্ৰশ্ন

নাৰী নিৰ্যাতন, ধৰ্ষণ কাৰ্যত লিপ্ত বিজেপি নেতাৰ বিৰুদ্ধে গৰজি উঠিল অসম প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই। ঝাৰখণ্ডত আদিবাসী আৰু মা-বেটিক সুৰক্ষা দিব বুলি ভাষণৰ ফুলজাৰি মৰা মুখ্যমন্ত্ৰীৰ নিজৰ ৰাজ্যতে চাহ জনগোষ্ঠীয় জীয়ৰী-বোৱাৰী সুৰক্ষিত নহয়। বিহালীত চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক হৰুৱাবলৈ কংগ্ৰেছ নেতাই বাহৰ পতা বুলি কটাক্ষ কৰা মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীয় কিশোৰী ধৰ্ষণৰ ক্ষেত্ৰত মুখেৰে একো মাত নামাতে। অন্যহাতে চাহ জনগোষ্ঠীয় কিশোৰীক ধৰ্ষণ কৰা বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিয়াতহে অধিক গুৰুত্ব দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডুমডুমাত ১৪ বছৰীয়া চাহ জনগোষ্ঠীয় কিশোৰী ধৰ্ষণৰ আন এক নৃশংস ঘটনা সন্দৰ্ভত গুৱাহাটী ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰে কলিতাই। সাত লম্পটৰ বলাৎকাৰৰ বলি হৈছিল ডুমডুমাৰ কাটনিপাৰাৰ চাহ জনগোষ্ঠীয় এগৰাকী কিশোৰী। ভুক্তভোগীৰ গোচৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে আটক কৰিছে যদিও এতিয়ালৈ সাতজন লম্পটক অসম আৰক্ষীয়ে উচিত শাস্তি প্ৰদান কৰা নাই। এই সাত পাষণ্ড ভোলা তাঁতী, আদিত্য যাদৱ, বিকাশ সাহানী, কৃষ্ণ প্ৰসাদ, সাহিল প্ৰসাদ, বিকাশ তাচাই ভুক্তভোগীৰ শাৰীৰিকভাৱে সক্ষম মাতৃক। ভুক্তভোগী ছোৱালীজনী তেইশ সপ্তাহ পাঁচদিনৰ গৰ্ভৱতী৷ চকুত কাপোৰ বান্ধি ধৰ্ষণ কৰিছিল।  কাটনীবাৰীৰ কিশোৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ আমি দাবী জনাইছো। ধৰ্ষণকাৰী কেইজনৰ পৰিয়াল বিজেপি দলৰ সদস্য হোৱা বাবেই তেওঁলোকক শাস্তি প্ৰদান কৰা নাই নেকি? যোৱা জুলাই মাহত ডুমডুমাৰ চিৰাজুলি চাহ বাগিচাত এগৰাকী চাহ জনগোষ্ঠীয় কিশোৰীক ধৰ্ষণ কৰিছে তিনিগৰাকী লম্পটে। ২০২৩ চনৰ এপ্ৰিল মাহত তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত কাটিনিগাঁৱত ১৩ বছৰীয়া কিশোৰীক বিজেপিৰ এগৰাকী স্থানীয় নেতাই ধৰ্ষণ কৰিছিল। কিন্তু পৰিতাপৰ কথা ধৰ্ষণকাৰী বিজেপি নেতা হোৱা বাবেই অসম আৰক্ষীয়ে তেওঁক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই! লোক অপবাদ আৰু ধৰ্ষণকাৰীৰ ভাবুকি সহ্য কৰিব নোৱাৰি ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে ২০২৩ চনৰ ১৪ এপ্ৰিল, পহিলা বহাগৰ দিনা আত্মহত্যাৰ পথ বাচি লৈছিল। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ধৰ্ষণকাৰী সমুদ্ৰ ৰায়ক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো।

কলিতাই আৰু কয়, আমি লক্ষ্য কৰি আহিছো যে বিজেপি দলৰ বেছিভাগ নেতাই নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত। কিন্তু কোনো এগৰাকী ধৰ্ষণকাৰী বিজেপি নেতাক শাস্তি প্ৰদান নকৰা বাবে কিশোৰী ধৰ্ষণৰ দৰে জঘন্য ঘটনা বাঢ়িবলৈ ধৰিছে। বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ মৃত্যুৰ লগত জড়িত বিজেপি নেতা আজিও মুকলি আকাশৰ তলত ঘূৰি আছে। “অৰ্ণমাই বৰা মোৰ মা” বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ আগতেই অৰ্ণমাই বৰাৰ ধৰ্ষণকাৰী এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক মানব ডেকাই যৌন নিৰ্যাতন কৰা বুলি বিজেপি নেত্ৰী এগৰাকীয়ে গুৱাহাটীৰ বশিষ্ঠ থানাত গোচৰ দাখিল কৰিছিল। ভুক্তভোগী বিজেপি নেত্ৰীগৰাকীৰ মোবাইলত মানব ডেকাই পঠোৱা অশ্লীল ভিডিঅ’ আৰু মেছেজ আৰক্ষীৰ হাতত দাখিল কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা বাবেই মানৱ ডেকাক আজিলৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফোনযোগে জয়া কলিতা নামৰ এগৰাকী যুৱতীক অশ্লীল ইংগিত দিয়া অদিঅ’ টেপ ভাইৰেল হোৱাৰ পিছতো অসম আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। অসম আৰক্ষীৰ এনেকুৱা সোপাঢিলা কাৰ্যকলাপৰ বাবেই মহিলাৰ ওপৰত এনেকুৱা জঘন্য অপৰাধ সংঘটিত হৈ আছে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই ‘মুখ্যমন্ত্ৰীয়ে অসমত নাৰী নিৰ্যাতন, ধৰ্ষণ কৰিবলৈ লাইচেন্স দিছে নেকি’ বুলিও প্ৰশ্ন কৰে। বিজেপি শাসন কালত ৰাজ্যিক দৈনিক গড়ে ৫টা আৰু মহানগৰীত এটা ধৰ্ষণৰ গোচৰ ৰুজু হয়। বৰডুবি আৰু ডুমডুমাৰ ধৰ্ষণকাৰী বিজেপি নেতাক কেতিয়া একাউণ্টৰ কৰিব বুলিও প্ৰশ্ন কৰে কলিতাই। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে অসমত মহিলা সুৰক্ষাৰ বাবে নতুন আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়। অসমত নাৰী সুৰক্ষাৰ বাবে বিশেষ আইনৰ প্ৰযোজনীয়তা নাই বুলি অসম আৰক্ষীয়ে ২৫ নৱেম্বৰত দাখিল কৰা শপতনামা গভীৰ উদ্বেগজনক বুলিও অভিহিত কৰে সিঙে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd