• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰৰ পৰা আমিনগাঁওলৈ নিশা কিয় কঢ়িয়াই অনা হ’ল ইভিএম? : প্ৰশ্ন কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2019 3:41 pm
98715b1b-6f1e-478c-bd4c-49181e0bef29

সোমবাৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য আৰু দুৰ্গা দাস বড়োৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা তেজপুৰৰ পৰা আমিনগাঁওৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ইভিএম মেচিন কঢ়িয়াই অনাকলৈ প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আজি ৰাজীৱ ভৱনত আয়োজন কৰা এখন যৌথ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰদ্বয় কিশোৰ ভট্টাচাৰ্য আৰু দুৰ্গা দাস বড়োৱে বিষয়টো সন্দৰ্ভত দলৰ প্ৰতিক্ৰিয়া সদৰী কৰে।

সংবাদমেলত মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যই কয়, ‘’কালি আমিনগাওঁৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিশা ১০-৩০ বজাৰ পৰা ১১ বজাৰ ভিতৰত কেইবাখনো গাড়ীৰে  ই ভি এম বাকচ অনা হৈছিল। সেয়েহে ততাতৈয়াকৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল।‘’

Apply Now

ভট্টাচাৰ্যই লগতে প্ৰশ্ন কৰে যে তেজপুৰৰ পৰা আমিনগাওঁলৈ ইভিএম মেচিন কিয় কঢ়িয়াই অনা হ’ল?

আনহাতে, হিম্মতসিংকাৰ গোপন গুদামত ই ভি এম মেচিন ৰাখিব বিচাৰিছিল বুলি  কংগ্ৰেছৰ সন্দেহৰ কথাও ব্যক্ত কৰে মুখপাত্ৰগৰাকীয়ে।

দেওবাৰে নিশা ইভিএম কঢ়িয়াই অনা এএছ ১২ এ চি ৫৮৫১ নম্বৰৰ টাটা ডি আই বাহনখন। ফটো : নৰ্থইষ্ট নাও

তেওঁ লগতে প্ৰশ্ন কৰি কয়,”ইয়াৰ বাবে দেওবাৰৰ দিনটো বাছি লোৱা হ’ল কিয়? তেজপুৰ নগৰ অঞ্চলৰ পৰা কামৰূপৰ গ্ৰাম্য অঞ্চললৈ কিয় অনা হ’ল? নিশা আন্ধাৰৰ সুযোগ লৈ অনা হ’ল কিয়? কোনো ৰাজনৈতিক দলকে অৱগত কৰা নহ’ল কিয়?”

“গণতান্ত্ৰিক প্ৰক্ৰিয়া সুকলমে চলোৱাত বাধা আহিছে। এয়া গণতন্ত্ৰৰ বাবে এক দুৰ্ভাগ্যজনক কথা,”-ভট্টাচাৰ্য্যই কয়।

এই ঘটনা সন্দৰ্ভত লগতে নিৰ্বাচন আয়োগক উচ্চস্তৰীয় তদন্ত কৰিবলৈয়ো প্ৰদেশ কংগ্ৰেছে দাবী জনায়।

ইপিনে, সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ আনজন মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয় যে কামৰূপ জিলা (গ্ৰাম্য)ৰ উপায়ুক্ত কমল বৈশ্যৰ ওপৰত আমাৰ কোনো আস্থা আৰু বিশ্বাস নাই। কেৱল উচ্চ পৰ্যায়ৰ তদন্তইহে ইয়াৰ ৰহস্য পোহৰলৈ আনিব।   বৈশ্যক তাৎক্ষণিকভাৱে বদলি কৰাৰো দাবী জনায় বড়োৱে।

“দুৰ্নীতিৰ বজাৰ বহিছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গুৰিয়াল হিচাপে দুৰ্নীতি আৰু চাকৰিৰ বজাৰৰ খবৰবিলাকে আপোনাক দুখ দিয়া নাই নেকি? আপুনি তদন্ত ঘোষণা কৰিছিল যদিও আজিলৈকে ৰিজাল্টসমূহ আপুনি ৰাজহুৱা নকৰিলে,”-বড়োৱে মন্তব্য কৰে।

আনহাতে, দুৰ্গা দাস বড়োৱে দেওবাৰে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা এ পি ডি চিএলৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd