বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৮৪ টা মহা অভিযোগ

"কংগ্ৰেছৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী এজনেই হ'ব, বিজেপিৰ দৰে দুজন নহয়" আব্দুল খালেক

a cong

দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত কংগ্রেছয়ে বিজেপি বিৰুদ্ধে এক অভিযোগনামা প্ৰকাশ কৰে।

৩৭পৃষ্ঠাৰ এই অভিযোগনামাত ৮৪টা অভিযোগ উত্থাপন কৰা হৈছে।

অভিযোগনামা প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয়-” দিল্লীৰ পৰা ৰিম’ট কণ্ট্ৰ’ল টিপিলেই অসমত অসমীয়াৰ সা-সম্পত্তি বিক্ৰী হয়।বিমানবন্দৰকে আদি কৰি সকলোবোৰ বিক্ৰী কৰি আদানী হঁতক ধনী কৰিলে।

“দুটাকৈ মৃতপ্ৰায় কাগজ কল পুনৰুজ্জীৱিত কৰিবলৈ একো নকৰিলে। বিজেপিৰ এই চৰকাৰ ছিণ্ডিকেটৰ চৰকাৰ।সকলোতে কেৱল ছিণ্ডিকেট চলোৱা আৰম্ভ কৰিছে আৰু এই ছিণ্ডিকেট চলাই সকলো প্ৰতিষ্ঠান বিক্ৰী কৰিলে।” সিঙে এইদৰে কয়।

আনহাতে উক্ত সংবাদমেলত উপস্থিত থাকি ৮৪টা অভিযোগ নামাৰ কথা উল্লেখ কৰি সাংসদ আব্দুল খালেকে কয়-“এই ৫বছৰে বিজেপি চৰকাৰ খনে জাতি মাটি ভেটিৰ কথা কৈ ৰাইজক যি প্ৰবঞ্চনা কৰিলে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে এইবাৰ নিৰ্বাচনত তেওঁলোকক দিব।”

“৮৪টা অভিযোগৰ ভিতৰত প্ৰথমেই জাতি মাটি ভেটিৰ অস্তিত্ব ধ্বংস কৰিলে বিজেপিয়ে। চিকিৎসা সেৱা প্ৰদান আৰু সম্প্ৰসাৰণৰ নামত চুড়ান্ত মিথ্যাচাৰ কৰিলে।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে নিবনুৱাক চাকৰি দিয়াৰ উপৰি বহুতো অভিযোগ আছে।” খালেকে লগতে কয়।

তেওঁ পুনৰ কয়-“আমাৰ চৰকাৰ আহিলে শাসকীয় চৰকাৰৰ দৰে দুজন মুখ্যমন্ত্ৰী আমাৰ নাথাকে।আমাৰ চৰকাৰ আহিলে এজনেই মুখ্যমন্ত্ৰী হ’ব।”