মৌলানা আবুল কালাম আজাদৰ ছবি কংগ্ৰেছৰ বিজ্ঞাপনৰ পৰা বাদ পৰিছিল। যাৰবাবে কংগ্ৰেছে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হয়। অৱশেষত দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ পৰিস্থিতি নিয়ন্ত্ৰণত নামি পৰে। তেওঁ টুইট কৰে যে এটা “অক্ষমণী ভুল” কৰা হৈছে। তেওঁ লগতে কয় যে ভুলটো সংশোধন কৰি গাফিলতিৰ বাবে উপযুক্ত পদক্ষেপ লোৱা হ’ব।
ঘটনাটো দেওবাৰে আৰম্ভ হৈছিল। সেইদিনা ৰায়পুৰত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশন উপলক্ষে বিভিন্ন বাতৰি কাকতত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। বিজ্ঞাপনটোত কংগ্ৰেছৰ অতীত পৰম্পৰা দেখুৱাবলৈ প্ৰাক্তন কংগ্ৰেছ নেতা, প্ৰধানমন্ত্ৰীৰ এখন ছবি দিয়া হৈছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসুৰ উপৰিও বিজ্ঞাপনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ছবিও প্ৰদৰ্শিত হৈছিল। বিজ্ঞাপনটোৰ তলত দলটোৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্ব- সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দুজন প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ছবি আছিল। কিন্তু দুটা কাৰ্যকালৰ বাবে কংগ্ৰেছৰ সভাপতি হৈ থকা আজাদৰ ফটোখন বিজ্ঞাপনটোত নাছিল।
Today an ad released by INC did not carry a photograph of Maulana Azad. It was an inexcusable slipup. Responsibility for it is being fixed & action will be taken. Meanwhile this is a most sincere apology from us. He will always remain an iconic & inspiring figure for us & India.
— Jairam Ramesh (@Jairam_Ramesh) February 26, 2023
এই বিজ্ঞাপন প্ৰকাশৰ পিছত সমগ্ৰ দেশতে সমালোচনা আৰম্ভ হয়। কংগ্ৰেছৰ ভিতৰৰ কেইবাজনো নেতাইও ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। বিজেপিয়ে কয়, “এয়াই কংগ্ৰেছৰ দ্বৈত চৰিত্ৰৰ প্ৰমাণ”। সমাজবাদী পাৰ্টিৰ দৰে দলেও সমালোচনা কৰিবলৈ এৰা নাই। তেওঁলোকে দাবী কৰে যে কংগ্ৰেছে ভোটৰ বাবে এটা “ইচ্ছাকৃত ভুল” কৰিছে।
Will @INCIndia explain this?
1) One leader in the top row was never with the Congress. In fact, he was its bitterest critic both before and after Independence.
WHY IS HE INCLUDED?2) Why has the party EXCLUDED every Muslim Congress leader – including Abul Kalam Azad??? pic.twitter.com/bMymt065eu
— Sudheendra Kulkarni (@SudheenKulkarni) February 26, 2023
আজাদৰ “অপমান”ত, আন এক আজাদ, যি এতিয়া দলত্যাগী গুলাম নবী আজাদে কয় যে কংগ্ৰেছৰ “বিজেপিধৰ্মী নীতি”ৰ বাবে তেওঁ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে।
After my exit from the party, BJPisation of Congress is taking place. In these pictures, where is the front line freedom fighter Maulana Azad? pic.twitter.com/oVukfEuEkR
— Ghulam Nabi Azad (@ghulamnazad) February 26, 2023
ইতিহাসবিদসকলৰ একাংশৰ মতে আজাদ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰামৰ বৰ্ণনা কৰা সম্ভৱ নহয়। তেওঁ ব্ৰিটিছ বিৰোধী সংগ্ৰামত যোগদান কৰাৰ বাবে ১০ বছৰ কাৰাগাৰত কটাইছিল। বুৰঞ্জীবিদ ইৰফান হাবিবৰ মতে দেশত হিন্দু আৰু মুছলমানসকলৰ ঐক্যত আগশাৰীৰ ভূমিকা পালন কৰা নেতাসকলৰ ভিতৰত আজাদ অন্যতম। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰীও।
কিছুমানে প্ৰশ্ন কৰে যে কংগ্ৰেছে এই আজাদক পাহৰিবলৈ চেষ্টা কৰি আছে নেকি। সমালোচনাৰ সন্মুখীন হৈ কংগ্ৰেছে কয় যে তেওঁলোকে এই “অক্ষমণীয়া ভুল” সংশোধন কৰি লৈছে।