DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‍‘দেশজুৰি কংগ্ৰেছে আগবঢ়োৱা সাহায্য-সহযোগিতা বন্ধ কৰক’, বিজেপিৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 24, 2020 7:57 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

766
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ চৰকাৰে সমষ্টি ভিত্তিক কোৱাৰেন্টাইন চেন্টাৰ পৰিচালনা সমিতি গঠন কৰোঁতে বিধানসভাৰ বিৰোধী দলপতিয়ে প্ৰতিনিধিত্ব কৰা নাজিৰা সমষ্টিত দলীয় কৰ্মীক গুৰুত্ব আৰোপ কৰিব লগা হ’ল কিয় বুলি এক বিবৃতি যোগে প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।

‍‘এই দায়িত্ব লাভৰ পিছত ক’ৰবাত ক’ৰবাত আপোনাৰ দলৰ একাংশ বিধায়কে নিজৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। এনে ৰাজনৈতিক উদ্যেশ্য প্ৰণোদিত কাৰ্য্য নিকৃষ্ট ৰাজনীতিৰ বাহিৰে আন একো নহয়’, বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ কয় ভট্টাচাৰ্য্যই।

লগতে ভট্টাচাৰ্য্যই কয়, ’সমগ্ৰ বিশ্বৰ সকলো ঠাইতে এক অদৃশ্য বীজাণুৱে আমাৰ জীৱন নিৰ্বাহৰ লগতে সকলো স্থবিৰ কৰি পেলালে আৰু এই মহামাৰীৰ প্ৰাদুৰ্ভাব ৰুধিবলৈ গৈ আমি ৰাজ্যৰ কংগ্ৰেছ দলে সৰ্বতোপ্ৰকাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনক সহায়-সহযোগিতা নিচৰ্ত ভাৱে আগবঢ়াই আহিছো’।

’আপুনি আৰু আপোনাৰ সতীৰ্থ ৰাজ্যিক মন্ত্ৰী ডাঙৰীয়াৰ ভূমিকাৰ প্ৰতি কংগ্ৰেছ দলে কোনো প্ৰশ্নৰ আনুষ্ঠানিক ভাৱে অৱতাৰণা কৰা নাছিলো’ বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে।

‍‘এই যুঁজৰ বাবে প্ৰয়োজনীয় অৰ্থৰ ক্ষেত্ৰত কংগ্ৰেছ বিধায়িনী দলে নিজৰ এমাহৰ দৰমহা প্ৰথমে আগবঢ়াইছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই আপোনাৰ দ্বাৰা বিধানসভাৰ মজিয়াত উত্থাপন কৰা বাজেটত অনুমোদন জনাইছিল। আমাৰ দলৰ সাংসদ, প্ৰাঃ বিধায়ক, দলীয় নেতা-কৰ্মীয়ে লকডাউন পৃষ্ঠ পৰিস্থিতিত আন সকলোৰে দৰে সহযোগিতা আগবঢ়াইছিল’, বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি ভট্টাচাৰ্য্যই কয়, ‍‘এই দূৰ্যোগে জীৱন-জীৱিকালৈ সংকট নমাই অনা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সাহায্যৰ তালিকা প্ৰস্তুত কৰণত আমাৰ দলৰ নিৰ্বাচিত জনপ্ৰতিনিধি সকলক বঞ্চিত কৰাৰ পিছতো আমি ৰাজনৈতিক বিবেচনা কৰাৰ পৰাৰ আঁতৰি আছিলো’।

জ্যেষ্ঠ মুখপাত্ৰজনে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰথমতে দেশজুৰি কংগ্ৰেছে আগবঢ়োৱা সাহায্য-সহযোগিতা বন্ধ কৰক, অন্যথা সকলোৰে বাবে একে নিয়ম-নীতি নিশ্চিত কৰক।

আনহাতে চৰকাৰী সাহায্যৰ নামত চলা স্বজনতোষন তথা দলীয় সংস্থাপনৰ প্ৰক্ৰিয়া অন্তঃত এই সময়ছোৱাত নকৰিবলৈ বিনম্ৰতাৰে আহ্বান জনাই ভট্টচাৰ্য্যই।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd