NORTHEAST NOW (Assamese)

কঁকালত টঙালি বান্ধিছে কংগ্রেছে : ২৩ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ কৰিব বিজেপি বিৰোধী অভিযান

September 21, 2018 12:02 pm · এন ই নাও নিউজ
প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক হৰিশ ৰাৱাট, সভাপতি ৰিপুন বৰা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়া এখন সংবাদমেল সম্বোধন কৰাৰ মুহূৰ্তত। ফাইল ফটো

২০১৯’ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দলটোৱে অহা ২৩ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাটৰ নেতৃত্বত এইবাৰ ৰাজ্যখনৰ নলবাৰী, সোণাৰি, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত এই অভিযান চলিব।

‘বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক’ শীৰ্ষক কাৰ্যসূচীৰে চলোৱা হ’ব এই অভিযান। অভিযানৰ নেতৃত্ব দিয়াৰ বাবে ৰাৱাট অহা ২২ ছেপ্টেম্বৰত অসমত আহি উপস্থিত হ’ব। তেওঁ ২৩ ছেপ্টেম্বৰত নলবাৰীত এখন সাংগঠনিক সভাত তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰে মিলিত হ’ব। লোকসভা নিৰ্বাচনৰ ৰণ-কৌশলক সন্দৰ্ভত আলোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষকগৰাকী বিয়লি গুৱাহাটীলৈ ঘূৰি আহিব।

২৩ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীত বিভিন্ন জিলা আৰু ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি তথা বিষয়ববীয়াৰে ৰাৱাটে এখন গুৰত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। ইয়াৰ পিছত ২৫ ছেপ্টেম্বৰত সোণাৰি, ২৬ ছেপ্টেম্বৰত শিৱসাগৰ, ২৭ ছেপ্টেম্বৰত যোৰহাট আৰু ২৮ ছেপ্টেম্বৰত গোলাঘাটত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে দলীয় নেতা-কৰ্মীৰে এখন বৈঠকত মিলিত হ’ব।

তৃণমূল পৰ্যায়ৰ বিষয়ববীয়া তথা নেতা-কৰ্মীৰে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ৰণ-কৌশল সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাৱাটে ‘বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক’ কাৰ্যসূচী দলৰ মণ্ডল পৰ্যায়লৈকে লৈ যোৱাৰ বাবে দলীয় কৰ্মীসকলক নিৰ্দেশনা দিব।

উল্লেখযোগ্য যে ‘বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক’ কাৰ্যসূচী ৰাজ্যখনত যোৱা ২৬ আগষ্টত আৰম্ভ কৰা হৈছিল। ৩০ আগষ্টলৈ চলা প্ৰথম কাৰ্যসূচীত গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু হাজোক অন্তৰ্ভুক্ত কৰা হৈছিল। ৰাৱাটৰ নেতৃত্বত উক্ত ঠাইসমূহত সাংগঠনিক সভা অনুষ্ঠিত কৰি কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাইছিল।

এই বিজেপি বিৰোধী অভিযানৰ দ্বিতীয় পৰ্ব ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব। আনহাতে, দ্বিতীয় পৰ্বৰ কাৰ্যসূচীৰ সামৰণি মাৰি প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক ৰাৱাট ২৯ ছেপ্টেম্বৰত নতুন দিল্লীলৈ উভতি যাব।

Related News