• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰুজনাৰ জীৱনাদৰ্শ হৃদয়ংগম নকৰিলে অসমীয়া জাতি সংকটত পৰিব : ৰঞ্জিত দাস

বটদ্ৰৱাৰ ৫৭০সংখ্যক জন্মজয়ন্তী উৎসৱৰ সামৰণি

মিণ্টু দাস by মিণ্টু দাস
September 21, 2018 11:02 am
96c202ca-40e3-4b60-b9c6-47ca4e7f4e58

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গুৰুজনাৰ জীৱনাদৰ্শ আৰু অমৰ সৃষ্টিসমূহক হৃদয়ংগম কৰি নৱপ্ৰজন্মৰ লগতে প্ৰতিজন অসমীয়া আগবঢ়া উচিত। নহ’লে অসমীয়া জাতি ভৱিষ্যতৰ দিনত সংকটত পৰিব। আমি অগ্রজ সকলে নতুন সকলক গুৰুজনাৰ সাংস্কৃতিক আদৰ্শ, মানৱ প্রেম, জীৱ প্রেম, বৈজ্ঞানিক দৃষ্টিভংগী, সাৰ্বজনীনতা এই সকলোখিনি হৃদয়ংগম কৰোৱাব পাৰিব লাগিব’। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।

শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত মংগলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তীৰ অন্তিম দিনা তথা বৃহস্পতিবাৰে ৰঞ্জিত দাসে উপস্থিত থাকি এই কথা প্ৰকাশ কৰে।

Apply Now

তেওঁ কয় যে জগতগুৰু শংকৰদেৱ অদ্বিতীয়, আন কাৰোৰে লগত তুলনা নহয়। মাধৱপুৰুষৰ ভাষাত আমাৰ গুৰুজনা সেইকাৰণেই কল্পতৰু, সেইকাৰণেই সৰ্বগুণাকৰ। গুৰুজনাই অসমীয়া জাতিক সকলোখিনি দি থৈ গৈছে। গুৰুজনাৰ কথা কৈ অন্ত কৰিব নোৱাৰি।

ভাষণ প্রসংগত তেওঁ‌ গুৰুজনাক বিশ্বৰ প্রথমখন ৰংগমঞ্চৰ জন্মদাতা প্রান্তীয় ভাষাত ভাৰতবৰ্ষৰ প্রথমগৰাকী নাট্যকাৰ আৰু কলা বিষাৰদ বুলি অভিহিত কৰে। ৫৭০ বছৰ পিছতো গুৰুজনাৰ বিখ্যাত সৃষ্টি বিশ্ববিশ্রুত বয়ন শিল্পৰ অপূৰ্ব নিদৰ্শন বৃন্দাবনী বস্ত্রৰ আজিও একেদৰে থকাটো আশ্চৰ্যৰ বিষয় বুলি উল্লেখ কৰে।

বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত ধৰ্মালোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্রসংগত প্রাগ চেনেলৰ ,স্বত্ত্বাধিকাৰী তথা বোলছবি প্রযোজক সঞ্জীব নাৰায়ণে কয় ‘মই গুৰুজনাৰ একান্ত সেৱক। গুৰুৰ কৃপাতে মই আজি আপোনালোকৰ সন্মুখত বটদ্রবাৰ এই পুণ্যভূমিত থিয় হ’ব পাৰিছো। বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰৰ নৈসৰ্গিক পৰিবেশত আপ্লুত হৈছো। পৰ্যটনৰ অনেক সম্ভাৰেৰে পূৰ্ণ হৈ আছে বটদ্রৱা থান। অসম চৰকাৰে বটদ্রবাক বিশ্বৰ পৰ্যটন থলীলৈ পৰ্যবসিত কৰিব লাগে’।

আনহাতে সভাত উপস্থিত থাকি স্থানীয় বিধায়িকা আংগুৰলতা ডেকাই কয় যে মুখ্য মন্ত্রীৰ তত্ত্বাৱধানত গঠিত হোৱা বটদ্রবা থান উন্নয়ন সমিতিৰ ৬ খন সভা ইতিমধ্যে সম্পন্ন হৈছে। বটদ্রবা থানৰ বেদখল মুক্ত ভূমিত স্বৰ্ণ মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব লগা প্রকল্পৰ প্রাক্ কলনৰ কাম চলি আছে। তদুপৰি নগাঁও-বটদ্রবা সংযোগী গড়কাপ্তানি পথচোৱা নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

ধৰ্মালোচনী সভাখনত বটদ্রৱা থান পৰিচলনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, কোষাধ্যক্ষ ঘনশ্যাম নাথ, কাৰ্য নিৰ্বাহক সদস্যা মামনী বৰা, মঞ্জুৰাণী বৈশ্য দাসকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, তিনিদিনীয়া বৰ্ণাঢ্য সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচীৰে চলি থকা গুৰুজয়ন্তী উৎসৱৰ বৃহস্পতিবাৰৰ সামৰণিৰ দিনাও বটদ্ৰৱা থানত অগণন ভক্ত-বৈষ্ণৱ, দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয় ।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd