জম্মুৰ পৰা অহা এহাল দম্পতীৰ ঘটনাই দেখুৱাইছে যে ৰে’লৰ কেইঘণ্টামান পলমৰ বাবে যাত্ৰী কিমান আৰ্থিক বিপদৰ সন্মুখীন হ’ব পাৰে। ৰে’ল যাত্ৰাৰ বিলম্বৰ বাবে নিৰ্ধাৰিত সময়ত গন্তব্য স্থানত উপনীত হ’ব নোৱাৰাত তেওঁলোকে বিমান ধৰিব নোৱাৰিলে। ফলত তেওঁলোকে নতুনকৈ বিমানৰ টিকট কিনাৰ পৰা আৰম্ভ কৰি হোটেলত থকাৰ খৰচলৈকে সকলো মিলি চৰম দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছিল।
অৱশেষত সেই দুৰ্ভোগৰ বাবে উত্তৰ দিব লগা হৈছে ৰে’লৱেই। গ্ৰাহক বিবাদ নিৰাময় আয়োগে (Consumer Disputes Redressal Commission) এবাৰতে ৬৩,১৯৯ টকা ক্ষতিপূৰণৰ নিৰ্দেশ দিছে।
জম্মুৰ বাসিন্দা মোহিত সিং ভাউ আৰু তেওঁৰ পত্নী ডামিনী বিলোৰিয়াৰ সৈতে সংঘটিত হয় এই ঘটনা। ২০২২ চনৰ ১৯ ডিচেম্বৰত তেওঁলোকে জম্মুৰ পৰা দিল্লী অভিমুখে দিল্লী দূৰন্ত এক্সপ্ৰেছত উঠিছিল। পিছদিনা পুৱা ৩:৫৫ বজাত দিল্লী পোৱাৰ কথা আছিল ৰে’লখন।
কিন্তু নিৰ্ধাৰিত সময়ৰ প্ৰায় চাৰি ঘণ্টাৰ পিছত পুৱা ৭:৫০ বজাত ৰে’লখন দিল্লী পায়হি। অৱশ্যে দিল্লীৰ পৰা গুৱাহাটী অভিমুখে তেওঁলোকৰ বিমানখন সেইদিনা পুৱা ৭:১৫ বজাত যাত্ৰা কৰাৰ কথা আছিল। ফলত ৰে’লখন আহি পোৱাৰ আগতেই বিমানখন উৰা মাৰে।
বিমানখন ধৰিব নোৱাৰাৰ বাবেই দম্পতীহালে নতুন টিকট ক্ৰয় কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত তেওঁলোকৰ ৩৫,৬৯৯ টকা খৰচ হয়। লগতে দিল্লীৰ এখন হোটেলত থাকিবলৈ আৰু ২৫০০ টকা খৰচ কৰিব লগা হৈছিল। অৰ্থাৎ ৰে’লখন পলম হোৱাৰ বাবে তেওঁলোকে অতিৰিক্ত ৩৮,১৯৯ টকা দিব লগা হৈছিল। এই আৰ্থিক লোকচান, মানসিক হাৰাশাস্তি আৰু আইনী যুঁজৰ খৰচৰ ক্ষতিপূৰণ বিচাৰি তেওঁলোকে জম্মু জিলা গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপিছিল।
আনহাতে, ঘন কুঁৱলীৰ বাবে ৰে’লখন পলম হোৱা বুলি দাবী কৰে ৰে’লৱেই। সেই যুক্তিৰ ওপৰত উত্তৰ ৰে’লৱেই দায়বদ্ধতা এৰাই চলিবলৈ চেষ্টা কৰিছিল। কিন্তু আয়োগে লক্ষ্য কৰিছিল যে যদিও ৰে’ল পলমৰ কাৰণ হিচাপে কুঁৱলীৰ কথা উল্লেখ কৰা হৈছিল, তথাপিও ৰে’লৱেই ইয়াৰ সমৰ্থনত কোনো উপযুক্ত প্ৰমাণ দাখিল কৰিব পৰা নাছিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিত উত্তৰও দাখিল কৰা নহ’ল। ফলত আয়োগে ৰে’লৱেৰ এই যুক্তি মানি লোৱা নাছিল।
সকলো দিশ পৰীক্ষা কৰাৰ পাছত ৪ নৱেম্বৰত জম্মু জিলা গ্ৰাহক সুৰক্ষা আয়োগে উত্তৰ ৰে’লৱেক মুঠ ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰে ৩৮,১৯৯ টকা নতুন বিমানৰ টিকট আৰু হোটেলৰ খৰচৰ লগতে ৭.৫ শতাংশ বাৰ্ষিক সুত প্ৰদান কৰা হ’ব।
তদুপৰি মানসিক হাৰাশাস্তি আৰু অসুবিধাৰ বাবে ২০ হাজাৰ টকা আৰু গোচৰৰ খৰচৰ বাবে আৰু ৫ হাজাৰ টকা আদায়ৰ নিৰ্দেশ দিয়া হৈছে। আয়োগৰ নিৰ্দেশ অনুসৰি এই ধন নিৰ্দেশ পোৱাৰ ছয় সপ্তাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব।





