• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘সৌভাগ্য’ আঁচনিৰ বিনামূলীয়া বিদ্যুৎ সংযোগৰ ঠাইত ঠিকাদাৰে হিতাধিকাৰীৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 17, 2018 11:20 am

2 min read

Soubhagya
293
VIEWS
Share on FacebookShare on Twitter

‘প্রধান মন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা- সৌভাগ্য’ নামৰ এখন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ সংযোগ নথকা দুখীয়া পৰিয়ালক বিনামূলীয়াকৈ মিটাৰসহ বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই আঁচনিৰ নামত বহুত ঠাইত বিতৰক কোম্পানি আৰু ঠিকাদাৰে ধন দাবী কৰাৰ অভিযোগ উঠিছে।

অসমৰ বিভিন্ন ঠাইত এই আঁচনিখনৰ নামত হিতাধিকাৰীৰ পৰা ঠিকাদাৰ আৰু বিতৰকে ৫০০ টকাৰ পৰা ১৫০০ টকা পৰ্য্যন্ত লোৱাৰ অভিযোগ আছে। দৰং জিলাৰ মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ ওদালগুৰি নেপালী গাঁও, ওদালগুৰি জংঘল, দেৱপুখুৰী আদিকে ধৰি বিভিন্ন গাঁৱত সংযোগৰ নামত ১৫০০ টকা, মিটাৰ স্থাপনৰ নামত ২০০ টকা আদায় লৈ আছে বুলি জানিব পৰা গৈছে।

গ্ৰাহকসকলক বিদ্যুৎ মিটাৰৰ সৈতে বাল্ব আৰু তাঁৰো দিব লাগে যদিও ঠিকাদাৰে এইবোৰ সামগ্ৰী বিনামূলীয়াকৈ দিয়া নাই। ‘সৌভাগ্য’ আঁচনিখনৰ ক্ষেত্ৰত এই অনিয়মৰ কথা জানিব পাৰি মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী বিষয়া আব্দুল মাজিদে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

উল্লেখ্য যে আঁচনিখনৰ মতে, আৰ্থ-সামাজিক আৰু জাতিগতভাৱে পিছপৰা লোকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি, এই শ্ৰেণীৰ ভিতৰত নপৰা কিন্তু বিনামূলীয়া বিদ্যুৎ সংযোগ ল’ব বিচৰা আন লোকেও এই আঁচনিখনৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ ল’ব পাৰিব। কিন্তু তেওঁলোকৰ পৰা বিতৰক কোম্পানিয়ে ৫০০ টকা পিছত আদায় কৰিব পাৰিব। এই ৫০০ টকা গ্ৰাহকৰ পৰা বিতৰক কোম্পানিয়ে বিদ্যুৎ বিলৰ সৈতে ১০টা কিস্তিত আদায় কৰিব পাৰিব। এই আঁচনিখনৰ অধীনত দেশৰ সকলো ঘৰতে ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্য লোৱা হৈছে।

মন কৰিব লগীয়া যে ঠিকাদাৰ আৰু বিতৰক কোম্পানিৰ বদমাচিৰ বাবেই সকলো প্ৰকাৰৰ গ্ৰাহক উপকৃত হ’ব পৰা এই আঁচনিখনৰ পৰা হিতাধিকাৰীয়ে প্ৰকৃত উপকাৰ নোপোৱাৰ দৰে হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd