• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিনক ভাৰতীয় নাগৰিকত্ব!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2020 7:36 pm
Untitled-1 copy(15)

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংশোধিত নাগৰিকত্ব আইনৰ সপক্ষে যুক্তি দাঙি ধৰিবলৈ যাওতেই এইবাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখত উচ্চাৰিত হ’ল তছলিমা নাছৰিনৰ নাম।

নতুন সংশোধিত আইনখন ধৰ্মীয় বিভাজনমূলক নহয় বুলি বুজাবলৈ গৈ তছলিমা নাছৰিনৰ উদাহৰণ টানি আনিলে বিত্ত মন্ত্ৰী সীতাৰমণে।

Apply Now

তেওঁ কয় যে আদনান ছামি, তছলিমা নাছৰিনৰ উদাহৰণ দেখিলেই বুজা যাব সংশোধিত নাগৰিকত্ব আইন ধৰ্মৰ ভিত্তিত বিভাজন সৃষ্টিকাৰী নহয়।

কা’ সন্দৰ্ভত ক’বলৈ যাওতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, ‘’৩৯১ গৰাকী আফগান মুছলমান আৰু ১৫৯৫ গৰাকী পাকিস্তানী মুছলমানে ২০১৬ৰ পৰা ২০১৮ৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব পাইছে।‘’

বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে কয়,’’ উক্ত সময়ছোৱাৰ ভিতৰতে ২০১৬ত আদনান ছামিয়ে নাগৰিকত্ব দিয়া হৈছে। আৰু এটি উদাহৰণ তছলিমা নাছৰিন। মাত্ৰ এবছৰতেই ২৮৩৮ গৰাকী পাকিস্তানী শৰণাৰ্থী, ৯৪৮গৰাকী আফগান আৰু ১৭২ গৰাকী বাংলাদেশী শৰণাৰ্থীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।‘’

সীতাৰমণে কয়,’’১৯৬৪ ৰ পৰা ২০১৮ পৰ্যন্ত প্ৰায় ৪ লাখ শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ লোকে এই দেশৰ নাগৰিক হৈছে। ইয়াতেই বুজা যায় আমাৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছে সেয়া ভুল।‘’

ইপিনে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ মুখত তছলিমা নাছৰিনৰ নাম শুনি বহুতেই এইবাৰ লেখিকাগৰাকীক ভাৰতৰ স্থায়ী নাগৰিকত্ব দিয়াৰ কথা চৰকাৰে ভাবিছে বুলি ধাৰণা কৰিছে।

২০০৪ চনৰ পৰা দিল্লীত ৰিছিডেন্স  ভিছা লৈ বসবাস কৰি আছে তছলিমাই। বাংলাদেশত মৌলবাদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে মৌলবাদীসকলৰ আক্ৰমণৰ সন্মুখীন হৈছিল লেখিকাগৰাকী।

ইয়াৰ পাছৰে পৰা তছলিমা ভাৰতৰ আশ্ৰয়ত আছে। প্ৰায় একে পৰিস্থিতিতে পাকিস্তানৰ গায়ক আদনান ছামিকো এই দেশৰ নাগৰিকত্ব দিয়া হৈছে। সেয়েহে,সংশোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাছত তছলিমাই ভাৰতীয় নাগৰিকত্ব পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে লেখিকাগৰাকীয়ে নিজেই সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থন কৰিছে। তেওঁৰ মতে এই আইনখন এখন উদাৰ আইন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd