সংশোধিত নাগৰিকত্ব আইনৰ সপক্ষে যুক্তি দাঙি ধৰিবলৈ যাওতেই এইবাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখত উচ্চাৰিত হ’ল তছলিমা নাছৰিনৰ নাম।
নতুন সংশোধিত আইনখন ধৰ্মীয় বিভাজনমূলক নহয় বুলি বুজাবলৈ গৈ তছলিমা নাছৰিনৰ উদাহৰণ টানি আনিলে বিত্ত মন্ত্ৰী সীতাৰমণে।
তেওঁ কয় যে আদনান ছামি, তছলিমা নাছৰিনৰ উদাহৰণ দেখিলেই বুজা যাব সংশোধিত নাগৰিকত্ব আইন ধৰ্মৰ ভিত্তিত বিভাজন সৃষ্টিকাৰী নহয়।
কা’ সন্দৰ্ভত ক’বলৈ যাওতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, ‘’৩৯১ গৰাকী আফগান মুছলমান আৰু ১৫৯৫ গৰাকী পাকিস্তানী মুছলমানে ২০১৬ৰ পৰা ২০১৮ৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব পাইছে।‘’
বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে কয়,’’ উক্ত সময়ছোৱাৰ ভিতৰতে ২০১৬ত আদনান ছামিয়ে নাগৰিকত্ব দিয়া হৈছে। আৰু এটি উদাহৰণ তছলিমা নাছৰিন। মাত্ৰ এবছৰতেই ২৮৩৮ গৰাকী পাকিস্তানী শৰণাৰ্থী, ৯৪৮গৰাকী আফগান আৰু ১৭২ গৰাকী বাংলাদেশী শৰণাৰ্থীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।‘’
সীতাৰমণে কয়,’’১৯৬৪ ৰ পৰা ২০১৮ পৰ্যন্ত প্ৰায় ৪ লাখ শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ লোকে এই দেশৰ নাগৰিক হৈছে। ইয়াতেই বুজা যায় আমাৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছে সেয়া ভুল।‘’
ইপিনে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ মুখত তছলিমা নাছৰিনৰ নাম শুনি বহুতেই এইবাৰ লেখিকাগৰাকীক ভাৰতৰ স্থায়ী নাগৰিকত্ব দিয়াৰ কথা চৰকাৰে ভাবিছে বুলি ধাৰণা কৰিছে।
২০০৪ চনৰ পৰা দিল্লীত ৰিছিডেন্স ভিছা লৈ বসবাস কৰি আছে তছলিমাই। বাংলাদেশত মৌলবাদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে মৌলবাদীসকলৰ আক্ৰমণৰ সন্মুখীন হৈছিল লেখিকাগৰাকী।
ইয়াৰ পাছৰে পৰা তছলিমা ভাৰতৰ আশ্ৰয়ত আছে। প্ৰায় একে পৰিস্থিতিতে পাকিস্তানৰ গায়ক আদনান ছামিকো এই দেশৰ নাগৰিকত্ব দিয়া হৈছে। সেয়েহে,সংশোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাছত তছলিমাই ভাৰতীয় নাগৰিকত্ব পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে লেখিকাগৰাকীয়ে নিজেই সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থন কৰিছে। তেওঁৰ মতে এই আইনখন এখন উদাৰ আইন।