NORTHEAST NOW (Assamese)

গণতন্ত্ৰ নিবিচৰা বিভাজনকাৰী সকলে উত্তৰ কোৰিয়ালৈ গুছি যাওক; মেঘালয়ৰ ৰাজ্যপালৰ বিতৰ্কিত টুইট

December 14, 2019 3:36 pm · এন ই নাও নিউজ
তথাগত ৰয়

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰতি বিৰূপভাৱ প্ৰকাশেৰে পৰোক্ষেভাৱে সমগ্ৰ প্ৰতিবাদী আন্দোলনটোক হেয় প্ৰতিপন্ন কৰিলে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে।

শুকুৰবাৰে টুইটাৰত ৰাজ্যপালগৰাকীয়ে যিসকল বিভাজনকাৰীয়ে গণতন্ত্ৰ নিবিচাৰে তেওঁলোক উত্তৰ কোৰিয়ালৈ যোৱা উচিত বুলি বিতৰ্কিত মন্তব্য কৰে।

‘‘বৰ্তমান পৰিস্থিতিত দুটা কথা কেতিয়াও পাহৰি যোৱা অনুচিত যে প্ৰথম কথা দেশক এসময়ত ধৰ্মৰ নামত বিভাজিত কৰা হৈছিল আৰু দ্বিতীয়তে গণতন্ত্ৰ নিশ্চিতৰূপে বহুমাতৃক। যদি আপুনি এয়া নিবিচাৰে তেন্তে উত্তৰ কোৰিয়ালৈ গুচি যাওক,’’ টুইটাৰত ৰাজ্যপাল গৰাকীৰ মন্তব্য।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ অসমত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে চুবুৰীয়া মেঘালয়তো ইয়াৰ বিৰুদ্ধে ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।

অসমৰ লগতে মেঘালয়তো নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক দমন কৰাৰ উদ্দেশ্যে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

Related News