• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেম নিবেদনৰ বিতৰ্কত সোমাই পৰা নৱ নিযুক্ত উপাচাৰ্য্যলৈ মাজুলীবাসীৰ ইমান আদৰ কিয়?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 11, 2019 6:39 am
IMG-20190610-WA0010-1140x570

মাজুলীত উপস্থিত হোৱাৰ মুহূৰ্তত উপাচাৰ্য ড০ ডম্বৰুধৰ নাথ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ভাল নম্বৰৰ প্ৰলোভনেৰে ছাত্ৰীলৈ প্ৰেমৰ প্ৰস্তাৱ দিয়া’’ৰ বিতৰ্কৰ মাজত সাঙোৰ খাই পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য্য ড০ ডম্বৰুধৰ নাথে সোমবাৰে মাজুলীত উপস্থিত হৈ উপাচাৰ্য্যৰ দায়িত্বভাৰ গ্ৰহণ কৰে। বিতৰ্কই ৰাজ্যজুৰি চৰ্চা লাভ কৰি থকাৰ সময়তো ড০ নাথক মাজুলীত উপস্থিত হোৱাৰ লগে লগে জাহাজ ঘাটৰ পৰাই গায়ন-বায়ন, ঢোলে-ডগৰে আদৰি নিয়ে একাংশ লোক তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে।

ছাত্ৰীক যৌন নিৰ্য্যাতনৰ ঘটনাই তোলপাৰ লগাই থকা সময়ত ড০ ডম্বৰুধৰ নাথক এইদৰে বিপুল আদৰণি জনোৱা কাৰ্য্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোমবাৰে মাজুলীত নৱ নিযুক্ত উপাচাৰ্য্য ড০ নাথক আদৰণি জনোৱাৰ পাছতেই মন্তব্য প্ৰকাশ কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ অনা ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।

Apply Now

‘’এনেকুৱা এজন মানুহক যে মানুহে সমৰ্থন কৰি ঢোলে-ডগৰে আদৰি নিছে সেয়া আচলতে লাজ আৰু দুখৰ কথা। আমাৰ সমাজত দুই ধৰণৰ মানুহ আছে, কোনোবাই তেওঁক সমৰ্থন কৰিছে, বহুতে মোকো সমৰ্থন কৰিছে,’’-ভুক্তভোগী ছাত্ৰীগৰাকীৰ সংবাদমাধ্যমৰ আগত ভাষ্য।

উল্লেখ্য যে, ২০১৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বুৰঞ্জী বিভাগৰ প্ৰাধ্যাপক হৈ থকাৰ সময়ত ড০ নাথৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে নিৰ্য্যাতন চলোৱাৰ অভিযোগ আনিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত ছাত্ৰীগৰাকীয়ে এই অভিযোগ দাখিল কৰিছিল। কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি নাপালে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।

ইয়াৰ বিপৰীতে অভিযোগ দাখিলৰ ১৫ দিনৰ পাছতেই অধ্যাপক ড০ ডম্বৰুধৰ নাথে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্বাস্থ্যজনিত কাৰণ দেখুৱাই স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু তেওঁ ইয়াৰ পাছতেই অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপে যোগদান কৰিছিল যদিও এই অভিযোগৰ বাবেই তেওঁক বিশ্ববিদ্যালয় খনে অব্যাহতি দিছিল বুলি জানিব পৰা গৈছে।

কিন্তু ছাত্ৰী গৰাকীৰ অভিযোগ নিষ্পত্তি নহওতেই তেওঁক মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য পদত অধিষ্ঠিত কৰাৰ বিষয়টোৱে বিভিন্ন মহলক স্তম্ভিত কৰিছিল। সমান্তৰালভাৱে সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীত তেওঁক সোমবাৰে এইদৰে আদৰণি জনোৱা কাৰ্য্যৰো স্বাভাৱিকতে সমানেই প্ৰতিক্ৰিয়া হৈছে।

ইপিনে, মাজুলীত ড০ নাথক আদৰণি জনোৱাৰ দিনটোতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ন্যায় বিচাৰি চৰাইদেউৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd