NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ: সোমবাৰে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ

March 21, 2020 3:56 pm · কল্পজ্যোতি শইকীয়া
Updated: March 21, 2020 4:17 pm
ৰূপম গোস্বামী। ছবি সৌজন্য-- The Sentinel

অসম চেম্বাৰ্ছ অৱ কমাৰ্চে ২৩ মাৰ্চ সোমবাৰে ৰাজ্যৰ সৰু-বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে।

বজাৰ, খাদ্য সামগ্ৰীৰ দোকান, শ্বপিং মল, ৰেস্তোৰাঁকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবৰ বাবে আহ্বান জনাইছে চেম্বাৰ্ছ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এই বন্ধৰ আহ্বান জনোৱা বুলি গোস্বামীয়ে উল্লেখ কৰে।

উক্ত দিনটোত পুৱা ৬ বজাৰ পৰা ৯ বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে আহ্বান জনোৱা হৈছে।

ইয়াৰোপৰি গাখীৰ, ঔষধ আৰু জৰুৰীকালীন সেৱাৰ বাহনক বাদ কৰি ব্যৱসায়িক বাহন, পৰিবহণ নিগমৰ বাছ আদিৰ চলাচল বন্ধ ৰাখিবলৈও তেওঁ আহ্বান জনায়।

এই বন্ধ জাতি আৰু দেশৰ ৰক্ষাৰ বাবে বুলি উল্লেখ কৰি গোস্বামীয়ে লগতে কয়, “এই বন্ধৰ সুযোগ লৈ কোনেও যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰে তাৰ বাবে ব্যৱসায়ীসকলক আহ্বান জনাইছো”

বিশেষকৈ বজাৰ আৰু শ্বপিং মলসমূহ বন্ধ ৰাখিব লাগে বুলি গোস্বামীয়ে উল্লেখ কৰে।

“কাৰণ এই দুই স্থানত মানুহৰ সমাগম বেছি হয়। গতিকে কিবা অঘটন সংঘটিত হ’বলৈ হ’লে মাৰাত্মক ৰূপ ল’ব,” গোস্বামীয়ে কয়।

Related News