NORTHEAST NOW (Assamese)

দেশত বতাহৰ গতিত বাঢ়িছে ক’ৰ’ণাৰ সংক্ৰমণ, ২৪ ঘন্টাত আক্ৰান্ত ২৮,৬৩৭ গৰাকী

July 12, 2020 11:57 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

লক ডাউন,সামাজিক দূৰত্ব,মাস্ক পৰিধান কোনো ব্যৱস্থাই যেন ৰোধ কৰিব পৰা নাই দেশত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ।

দেশত এতিয়া বতাহৰ গতিত বাঢ়িছে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ।

২৪ ঘন্টাত দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লেকৰ সংখ্যা হৈছেগৈ ২৮,৬৩৭ গৰাকী। এই সময়ছোৱাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৫৫১ গৰাকী।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ তৃতীয় স্থানত থকা ভাৰতত  আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৮,৪৯,৫৫৩ গৰাকী।

এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ২২,৬৭৪ গৰাকী লোকৰ।

বৰ্তমান ক’ৰ’ণা  ভাইৰাছত আক্ৰান্ত এক্টিভ ৰোগীৰ সংখ্যা হৈছে ২৯২,২৫৮ গৰাকী।

কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ৫৩৪,৬২১ গৰাকী।

ৰাজধানী চহৰ নতুন দিল্লীত ২৪ ঘন্টাত আক্ৰান্ত হৈছে ১৭৮১ গৰাকী লোক।

দিল্লীত ক’ৰ’ণা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৩৩০০ গৰাকী।

Related News