NORTHEAST NOW (Assamese)

ক’ৰ’নাৰে যুঁজিবলৈ অসম চৰকাৰক কাজিৰঙা জীপ চাফাৰী সন্থাৰ ৫০ হেজাৰ টকাৰ সাহায্য

March 30, 2020 7:35 am · উত্তম শইকীয়া

ক’ৰ’না ভাইৰাছৰ বাবে দেশত চলি থকা ল’কডাউনৰ পঞ্চম দিনা দেওবাৰে অসমৰ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বোকাখাত নগৰ পৰিদৰ্শন কৰি ল’কডাউনত প্ৰশাসনে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়।

মন্ত্ৰী গৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়াৰ লগ কৰি বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসালয়খনৰ পৰিস্থিতিৰ বুজ লয়।

আনহাতে অতুল বৰাক সাক্ষাত কৰি কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ বিষয়ববীয়াই ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবৰ বাবে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৫০ হেজাৰ টকাৰ এখন চেক অৰ্পণ কৰে।

কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ উপৰিও নুমলীগড়ৰ জয়চন্দ্ৰ শইকীয়াও অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰে। এই বদান্যতাৰ বাবে কাজিৰঙা জীপ চাফাৰী সন্থা আৰু জয়চন্দ্ৰ শইকীয়াক ধন্যবাদ জনায় অতুল বৰাই ৷

অতুল বৰাৰ মতে আজিৰ এই ভয়ংকৰ পৰিস্থিতিত মানুহৰ অদমনীয় শক্তিৰ ওচৰত ক’ৰ’না ভাইৰাছে হাৰ মানিব বুলি তেওঁ আশাবাদী।

Related News