NORTHEAST NOW (Assamese)

ক’ৰ’না আতংক: মাজুলী সংযোগী ফেৰী সেৱা বন্ধ

March 20, 2020 7:37 pm · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক ছবি

মাজুলী জিলাত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে কাইলৈ অৰ্থাৎ ২১ মাৰ্চৰ পৰা বলৱৎ হোৱাকৈ মাজুলী সংযোগী সকলো জলপৰিবহন সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে আজি এই সন্দৰ্ভত জাৰি কৰা এক আদেশৰ জৰিয়তে অত্যাৱশ্যকীয় জৰুৰী সেৱাৰ বাদে মাজুলী সংযোগী আন সকলো ফেৰী, দেশীয় নাও আদিৰ চলাচলত বাধা নিষেধ আৰোপ কৰে।

অৱশ্যে, এই নিষেধাজ্ঞা চিকিৎসা সেৱাত নিয়োজিত ফেৰী তথা বোট এম্বুলেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হোৱা নাই। তদুপৰি, কোনো ৰোগীক জৰুৰী চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ ফেৰীৰ প্ৰয়োজন হ’লে, ৰোগীৰ পৰিয়ালে জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰিব।

জিলা দণ্ডাধীশগৰাকীয়ে জাৰি কৰা এই আদেশ ভংগকাৰীৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আইন-২০০৫, মহামাৰীজনিত দুৰ্যোগ আইন-১৮৯৭ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা তথা এইক্ষেত্ৰত প্ৰযোজ্য আন চৰকাৰী আদেশ আৰু নিয়মৰ অধীনত আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমগ্ৰ জিলাখনতে এই আদেশ বলৱৎ হৈ থাকিব।

Related News