• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছৰ আতংক : অৰুণাচলী মানুহৰ কাষত বহিবলৈ অস্বীকাৰ বিমানযাত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2020 8:40 pm

2 min read

মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ

প্ৰতিনিধিত্বমূলক ছবি

987
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকত ভুগি থকা ভাৰতৰ একাংশ বিমানযাত্ৰীয়ে বিমানত অৰুণাচলী মানুহৰ কাষত বহিবলৈ অস্বীকাৰ কৰা এটা ঘটনা পোহৰলৈ আহিছে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশ পোৱা এটা বাতৰিমতে, বৃহস্পতিবাৰে নিশা দিল্লী-কলকাতা এখন বিমানত এজন বিমানযাত্ৰীয়ে তেওঁৰ বাবে নিৰ্দিষ্ট আসনখনৰ কাষত এজন অৰুণাচলী মানুহ থকা বাবে তাত বহিবলৈ অস্বীকাৰ কৰে।

বাতৰিটোত কোৱা হৈছে যে বিমানযাত্ৰীজনে এই আপত্তি কৰে অৰুণাচলী মানুহজনে হাঁচি মৰাৰ পিছতে।

অৱশ্যে ভাগ্যক্ৰমে আগৰ এটা শাৰীত এখন খালী আসন আছিল আৰু কেবিন ক্ৰিউজনে তেওঁক তাতে বহুৱায়।

বিমানসেৱাৰ কৰ্মচাৰী একাংশৰ মন্তব্য বুলি দাবী কৰি বাতৰিটোত কোৱা হৈছে, যোৱা ৭ ফেব্ৰুৱাৰিৰ পিছত এনেকুৱা দাবীবোৰ (আসন সলাই দিয়াৰ) বেছিকৈ উঠিছে।

৭ ফেব্ৰুৱাৰিত দিল্লী-পুনেৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যোৱা এজন চীনা নাগৰিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেওঁক ক’ৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল যদিও পিছত সেয়া নহয় বুলি প্ৰমাণিত হয়।

“এনেকুৱা বদ্ধমূল ধাৰণা কিছুমান অব্যাহত আছে। এইটো দুৰ্ভাগ্যজনক আৰু আমি বিমানযাত্ৰীসকলক বিজ্ঞানমনস্ক হ’বলৈ কৈছো”, এজন বিমান কৰ্মচাৰীৰ উদ্ধৃতি টাইমছ অব ইণ্ডিয়াত।

“তেতিয়া সমস্যা হয়, যেতিয়া বিমানত আসন ভৰ্তি থাকে। এনেকুৱা পৰিস্থিতিয়ে কেতিয়াবা আনকি বিমানৰ উৰণো বিলম্ব কৰে”, কৰ্মচাৰীজনে কয়।

বৃহস্পতিবাৰৰ ঘটনাটো সন্দৰ্ভত এজন এয়াৰ কমাণ্ডাৰে কয় যে তেওঁ কেবিন ক্ৰিউৰ অনুৰোধৰ পিছত কেইবাবাৰো হস্তক্ষেপ কৰিব লগীয়া হৈছিল।

“মই এইটো বুজাব লগীয়া হৈছিল যে কাষৰ আসনত থকা বিমানযাত্ৰীজন এজন ভাৰতীয় আৰু চীনৰ লগত কোনো সম্পৰ্ক নাই”, তেওঁ কয়।

বিমান পৰিচাৰকসকলে জানিবলৈ দিয়ামতে, কাহ-চৰ্দি হৈ থকা বতৰত এনেকুৱা সন্দেহৰ ঘটনা বেছি হৈছে।

আনহাতে, জানিব পৰামতে কিছুমান এয়াৰলাইনছে বিমানযাত্ৰীসকলৰ প্ৰতি স্পষ্ট কৰি দিছে যে “অযুক্তিকৰ অনুৰোধ”-এ তেওঁলোকক নমাই দিবলৈ বাধ্য কৰিব।

“কোনো পৰিস্থিতিতে আমি যাত্ৰীসকলক আন কোনোবাই সন্দেহ কৰিলে বুলিয়েই আঁতৰি যাবলৈ ক’ব নোৱাৰো”, এজনে কয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd