কৰ’নাভাইৰাছ: মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি জুবিনৰ

অভিনেতা যতীন বৰায়ো কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰী পুঁজিলৈ এক লাখ টকা বৰঙনি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে

zubeen-garg-hd-photo

জুবিন গাৰ্গৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক লাখ টকাৰ বৰঙনি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

চিকিৎসাৰ কাৰণে বৰ্তমান মুম্বাইত থকা শিল্পীজনে সোমবাৰে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধনখিনি আগবঢ়াব।

এই সন্দৰ্ভত মুম্বাইৰ পৰা দিয়া এক বাৰ্তাত জুবিনে কৰ’নাভাইৰাছ সম্বন্ধীয় চৰকাৰী নীতি-নিৰ্দেশনা ৰাইজক মানি চলিবলৈ আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

আনহাতে অভিনেতা যতীন বৰায়ো কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰী পুঁজিলৈ এক লাখ টকা বৰঙনি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

অসম চৰকাৰে কৰ’নাভাইৰাছ আক্ৰান্তৰ চিকিৎসাৰ বাবে দুমাহৰ ভিতৰত পাঁচখন ৩০০ বিচনাযুক্ত চিকিৎসালয় খোলাৰ বাবে আগবাঢ়িছে।

তাৰে চাৰিখন চিকিৎসালয় দান-বৰঙনিৰ পৰা সংগৃ্হীত ধনেৰে নিৰ্মাণ কৰা হ’ব।

অসমৰ শাসক-বিৰোধী জনপ্ৰতিনিধিসকলৰ লগতে চৰকাৰৰ কৰ্মচাৰীসকলেও ইতিমধ্যে এইক্ষেত্ৰত দান-বৰঙনি আগবঢ়াইছে।

মাৰাত্মক কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰী পুঁজিলৈ আপুনিও বৰঙনি আগবঢ়াব পাৰে।

অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ তলৰ বেংক একাউণ্টত বৰঙনি পঠিয়াব পাৰে—

Assam Arogya Nidhi, A/c No. 32124810101, SBI, IFSC Code: SBIN0010755

মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত কোনো নতুন ৰোগী চিনাক্ত হোৱা নাই।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও ই এতিয়াও সামূহিক সংক্ৰমণৰ পৰ্য্যায় (ষ্টেজ ৩) পোৱাগৈ নাই।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাত্মক কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে ২১ দিনীয়া দেশজোৰা লকডাউন ঘোষণা কৰিছে।

দেওবাৰলৈকে বিশ্বত ৬৭৮,৯১০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ৩১ হাজাৰতকৈয়ো অধিক লোকৰ।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই এহেজাৰৰ সীমা অতিক্ৰম কৰিছে। মৃত্যু হৈছে ২৭ গৰাকী লোকৰ।