ৰাজহ আহৰণৰ বাবে বাহিৰৰ প্ৰতিষ্ঠানক মাটি লিজত দিব কটন বিশ্ববিদ্যালয়ে

প্ৰচণ্ড আৰ্থিক সংকটৰ সন্মুখীন হৈ কটন বিশ্ববিদ্যালয়ে ৰাজহ আহৰণৰ বাবে বিশ্ববিদ্যালয়খনৰ মাটি বাহিৰৰ প্ৰতিষ্ঠানক লিজত দিয়াৰ পৰিকল্পনা কৰিছে আৰু ‘বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত স্থান আবণ্টন’ৰ বিষয়টো চোৱাচিত কৰিবলৈ এখন কমিটি গঠন কৰা হৈছে।

জানিব পৰা মতে, চৰকাৰী সাহায্যৰ অভাৱত বিশ্ববিদ্যালয়খনে এক বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিশ্ববিদ্যালয়খনৰ ভিতৰৰ মাটিখিনি লিজত দিয়াৰ সিদ্ধান্ত ২০২৪ চনৰ ৮ মাৰ্চত ৩৪ সংখ্যক কাৰ্যবাহী পৰিষদৰ বৈঠকত গ্ৰহণ কৰা হৈছিল য’ত ৰাজহ আহৰণৰ বাবে বিশ্ববিদ্যালয় চৌহদত বাহিৰৰ প্ৰতিষ্ঠানক স্থান আবণ্টন দিয়াৰ কাম চোৱাচিতা কৰিবলৈ এখন স্থায়ী সমিতি গঠন কৰা হৈছিল।

লগতে পঢ়কঃ নিউজক্লিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

স্থায়ী সমিতিৰ অধ্যক্ষ হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ডীন তথা জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকা।

স্থায়ী সমিতিৰ আন পাঁচজন সদস্য হ’ল কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী তথা ভাষা, সাহিত্য আৰু ভাষাবিজ্ঞান বিভাগৰ ডীন অধ্যাপিকা ৰাখী কলিতা ম’ৰল, কটন বিশ্ববিদ্যালয়ৰ  ছাত্ৰ কল্যাণ পৰিষদৰ ডীন মনজিত কুমাৰ ভট্টাচাৰ্য, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ডেইজী দাস, বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লোচন শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ মুখ্য সহায়ক ৰাম চন্দ্ৰ দাস।

পূৰ্বৰ ব্ৰিটিছ প্ৰদেশ অসমৰ মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে ১৯০১ চনত কটন কলেজ স্থাপন কৰিছিল। ই আছিল অসম আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।

লগতে পঢ়কঃ চৰকাৰক সমালোচনা কৰাৰ বাবেই কাৰণ দৰ্শোৱা জাননী লাভ কৰিলে বিজেপি নেতা অশোক শৰ্মাই

কটন কলেজ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু তাৰ পিছত ২০১১ চনত অসম চৰকাৰৰ এক আইন (২০১১ চনৰ একাদশ আইন)ৰ দ্বাৰা কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গঠন হয়।

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত থকা সমস্যা সমাধানৰ বাবে ২০১৭ চনৰ কটন বিশ্ববিদ্যালয় আইন প্ৰণয়ন কৰা হৈছিল।