NORTHEAST NOW (Assamese)

উজবেকিস্তানত শিশুৰ মৃত্যুৰ অভিযোগ: মেৰিয়ান বায়’ টেকৰ কফ চিৰাপ উৎপাদনত নিষেধাজ্ঞা কেন্দ্ৰৰ, তদন্ত ঘোষণা

December 30, 2022 4:29 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় ঔষধ নিৰ্মাতা কোম্পানী মেৰিয়ান বায়’ টেকৰ দ্বাৰা নিৰ্মিত কফ চিৰাপ পান কৰাৰ ফলত উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ পিছতে কোম্পানীটোক কফ চিৰাপ উৎপাদনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে।

বৃহস্পতিবাৰে নিশা কোম্পানীটোৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰে কেন্দ্ৰই। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই টুইটাৰযোগে এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, উজবেকিস্তান চৰকাৰে ভাৰতত নিৰ্মিত কাহৰ চিৰাপ সেৱন কৰি দেশখনত ১৮টা শিশুৰ মৃত্যু হৈছে বুলি দাবী কৰিছিল। মৃত্যু হোৱা ১৮ টা শিশুৱে ভাৰতত নিৰ্মিত কাহৰ চিৰাপ Doc-1 Max সেৱন কৰিছিল বুলি সদৰী কৰা হৈছিল।

পৰীক্ষাৰ পিছত এই নিৰ্দিষ্ট কফ চিৰাপটোত ইথাইল গ্লাইকলৰ উপস্থিতি পোৱা গৈছিল। ইয়াৰ পিছতে উজবেকিস্তান চৰকাৰে ভাৰতীয় কফ চিৰাপ গ্ৰহণৰ ক্ষেত্ৰত কিমান নিৰাপদ সেই সন্দৰ্ভত তদন্তৰ দাবী জনাইছিল।

লগতে দেশখনৰ বজাৰৰ পৰা ভাৰতীয় কোম্পানীটোৰ সকলো কাহৰ চিৰাপ জব্দ কৰিছিল উজবেকিস্তান প্ৰশাসনে। উজবেকিস্তান চৰকাৰৰ পৰা এই গুৰুতৰ অভিযোগ পোৱাৰ পিছতে গা লৰে ভাৰত চৰকাৰৰ।

এই অভিযোগৰ আধাৰতে ভাৰত চৰকাৰে মেৰিয়ান বায়’টেক নামৰ কোম্পানীটোৰ বিৰুদ্ধে যৌথ তদন্ত হ’ব বুলি ঘোষণা কৰে। কেন্দ্ৰৰ তথ্য অনুসৰি কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ ড্ৰাগ নিয়ন্ত্ৰণ সংস্থাই যৌথভাৱে কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ বিষয়াসকলে কোম্পানীটোৰ নয়ডা কাৰখানা পৰিদৰ্শন কৰে। তেতিয়াই কোম্পানীটোৱে উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত লয়।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই এই সন্দৰ্ভত অধিক তদন্তৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে। তদন্ত শেষ নোহোৱালৈকে কাৰখানাটোত উৎপাদন বন্ধ থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।

স্মৰ্তব্য যে, ইতিপূৰ্বে গাম্বিয়াতো ভাৰতত নিৰ্মিত চৰ্দি আৰু কাহৰ চিৰাপত ডায়েথিলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ অস্বাভাৱিক স্তৰৰ বাবে বৃক্ক বিকল হোৱাৰ ফলত ৬৬ টা শিশুৰ মৃত্যু হৈছিল।

যোৱা বছৰ অক্টোবৰত গাম্বিয়াত ভাৰতীয় কোম্পানী মেডেন ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা চাৰি প্ৰকাৰৰ কাহৰ চিৰাপৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। চিৰাপবোৰ হৈছে প্ৰমেথাজিন অৰেল চল্যুচন, কফেক্সমালিন বেবী কফ চিৰাপ, মাকফ বেবী কফ চিৰাপ আৰু মেগ্ৰিপ এন কোল্ড চিৰাপ।

তাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰিয়েচাছে সংস্থাটোৱে প্ৰস্তুত কৰা চৰ্দি-কাহৰ চিৰাপৰ বিষয়ে এখন সংবাদমেলযোগে সতৰ্কবাণী জাৰি কৰিছিল।

Related News