NORTHEAST NOW (Assamese)

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

August 14, 2022 8:54 pm · এন ই নাও নিউজ,গুৱাহাটী

কাইলৈ দেশে উদযাপন কৰিব ৭৬ সংখ্যক স্বাধীনতা দিৱস। স্বাধীৱতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে সন্ধিয়া দেশবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ দিয়ে।

ভাষণত মুৰ্মুৱে কয় যে ২০৪৭ চনৰ ভিতৰত স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিব পৰা যাব। ইয়াৰ বাবে তেওঁ সকলোৰে সহযোগিতা কামনা কৰে।

কোভিড পৰিস্থিতিৰ মোকাবিলাৰ ক্ষেত্ৰত ভাৰতে বহু উন্নত ৰাষ্ট্ৰতকৈ অধিক সক্ষমতাৰে কাম কৰা বুলিও তেওঁ কয়।

মুৰ্মুৱে কয়: “দেশৰ অৰ্থনৈতিক বিকাশ অধিক দ্ৰুত হৈ পৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) আৰু ডিজিটেল ইণ্ডিয়াই দেশৰ উন্নতিত অৰিহণা যোগাইছে “।

উল্লেখ্য ৰাষ্ট্ৰপতি হিচাবে মুৰ্মুৱে আজি প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে।

Related News