এক অভিনৱ পন্থা! : বিয়াৰ উপহাৰ হিচাপে আন্দোলনৰত কৃষকৰ বাবে অৰ্থ সাহায্য বিচাৰিলে দৰা-কইনাই

wedding

দেশৰ শান্তিপূৰ্ণ কৃষক বিদ্ৰোহে প্ৰায় এটা পষেক স্পৰ্শ কৰিছে। চৰকাৰৰ সৈতে একেলেঠাৰিৰে পাঁচলানি আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা কৃষক সংগঠনসমূহৰ আলোচনা কাৰ্যতঃ ব্যৰ্থ হৈছে।

ইয়াৰ পিছতে কৃষক সংগঠনসমূহে আন্দোলনৰ নতুন কৌশল ঘোষণা কৰিছে।

নতুন কৌশল অনুসাৰে অহা ১২ ডিচেম্বৰত জয়পুৰ-দিল্লী সংযোগী এক্সপ্ৰেছ হাইৱে অৱৰোধ কৰাৰ লগতে দেশৰ সমগ্ৰ টোলগেটতসমূহত প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব।

ইফালে অহা ১৪ ডিচেম্বৰত কৃষক সংগঠনসমূহৰ আহ্বানক্ৰমে সমগ্ৰ দেশতে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হ’ব।

ইয়াৰ মাজতে এই কৃষক বিদ্ৰোহলৈ দেশৰ বিভিন্ন ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিসকলে মুকলিকৈ সমৰ্থন ব্যক্ত কৰিছে। আনকি কৃষক আন্দোলনৰ সমৰ্থনত পঞ্চাৱৰ বহু ক্ৰীড়াবিদ, শিল্পী, অভিনেতা আদিয়ে চৰকাৰে প্ৰদান কৰা বঁটাসমূহ ওভতাই দিছে।

তেনে সময়তে কৃষক আন্দোলনক আৰ্থিক সহায় কৰাৰ বাবে লোৱা এক অভিনৱ পন্থাই সমগ্ৰ দেশৰ জনগণৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে।

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে বিবাহ অনুষ্ঠানত দৰা-কইনাই আৰ্থিক সাহায্য বিচাৰি এটা বাকচ সাজু কৰি ৰাখিছে।

তেওঁলোকে বিয়াত সমবেত অতিথিক কোৱা দেখা গৈছে যে আশীৰ্বাদ স্বৰূপে তেওঁলোকক বিয়াৰ উপহাৰ দিব নেলাগে; তাৰ পৰিৱৰ্তে দিল্লীত আন্দোলনৰত কৃষকৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিলেই হ’ব।

দিল্লীৰ কৃষক প্ৰতিবাদকাৰীৰ বাবে অন্ন-বস্ত্ৰ আদিৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিবলৈ দৰা-কাইনাই বিবাহস্থলীৰ অভ্যাগতসকলৰ পৰা এইদৰে আৰ্থিক সাহায্য বিচাৰে।

দৰা-কইনাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিবাহস্থলীত উপস্থিত থকা প্ৰায়সকল অভ্যাগতেই দিল্লীৰ আন্দোলনৰত কৃষকৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰা দেখা গৈছে।

দৰা-কইনাহালৰ এই অভিনৱ উদ্যোগে চ’ছিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে প্ৰশংসা লাভ কৰাও দেখা গৈছে।