ব্ৰিটেইনৰ দম্পতিৰ অদ্বিতীয় পদক্ষেপ: বিবাহস্থলী ভৰাই পেলালে নিমন্ত্রিতৰ কাট আউটেৰে

marrige

বিশ্বজুৰি এতিয়া মহামাৰী ক’ৰ’ণাৰ আতংক।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশে দেশে বান্ধি দিয়া হৈছে কোনো উৎসৱ অথবা বিবাহ অনুষ্ঠানত সৰ্বাধিক কিমান সংখ্যক লোক উপস্থিত থাকিব পাৰিব তাৰ সীমা।

ভাৰতত এতিয়া বিবাহ বা আন মাংগলিক কাৰ্যত প্ৰায় ১০০ জন লোক উপস্থিত থকাৰ অনুমতি দিয়া হৈছে।

দেশ ভেদে এই সংখ্যা বেলেগ বেলেগ। সকলোৱে আশা কৰে নিজৰ বিয়া খন জাকজমকতাৰে পাতিব।

ওচৰ চুবুৰীয়াৰ লগতে দূৰ-দূৰনিৰ বন্ধু-বান্ধৱ,আত্মীয়ক মাতিব। কিন্তু ক’ৰ’ণাই এই সকলো আশাত চেঁচাপানী ঢালিছে।

নিজৰ বিয়াত বহু লোকক মতাৰ দীঘলীয়া তালিকা তৈয়াৰ কৰিছিল ব্ৰিটেইনৰ ব্ৰেমলি গিলফোৰ্ডৰ বাসিন্দা ৰোমনি আৰু ছেম ৰণ্ডুস্মিথে।

দম্পতি হালে তেওঁলোকৰ বিয়াত কমেও ১০০ জন লোকক নিমন্ত্ৰণ কৰাৰ কথা ভাবিছিল যদিও ব্ৰিটেইনত  বিবাহ অনুষ্ঠানত সৰ্বাধিক ৩০ জন লোকেহে উপস্থিত থকাৰ অনুমতি আছে ।

ৰোমনি আৰু ছেম দম্পতিয়ে নিজৰ বিবাহ অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা সকলো লোককে অলপ বেলেগ ধৰণে উপস্থিত কৰোৱাৰ সিদ্ধান্ত ল’লে।

সেইমৰ্মে তেওঁলোকে বিয়ালৈ আমন্ত্ৰণ জনোৱা লোকসকলৰ কাট আউট প্ৰস্তুত কৰোৱালে আৰু সেই কাট আউট এনেদৰে সজালে যেন অভ্যাগত সকলে বিয়াত খোৱাৰ দৰেই খাইছে,আনন্দ কৰিছে ইত্যাদি ইত্যাদি।

এনেদৰেই দম্পতিহালে তেওঁলোকৰ নিমন্ত্ৰিত লোক সকলৰ উপস্থিতি উপলদ্ধি কৰি সন্তুষ্টি লভিলে।