• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিখৰ ধাৱনৰ প্ৰাক্তন পত্নীক ৫.৭ কোটি টকা ওভতাই দিবলৈ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2026 8:06 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেটছমেন শিখৰ ধাৱনৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিছে দিল্লীৰ এখন আদালতে। পাটিয়ালা হাউচ ফেমিলি কোৰ্টে ধাৱনৰ প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীক ৫.৭ কোটি টকা বা প্ৰায় ৮,৯৪,৩৯৭ অষ্ট্ৰেলিয়ান ডলাৰ ওভতাই দিবলৈ নিৰ্দেশ দিছে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি, অষ্ট্ৰেলিয়াত সম্পত্তিৰ নিষ্পত্তিৰ নামত যি ধন আয়েশাই লাভ কৰিছিল, সেয়া ভাবুকি আৰু প্ৰতাৰণাৰ জৰিয়তে আদায় কৰা হৈছিল। বিচাৰক দেৱেন্দ্ৰ কুমাৰ গাৰ্গে স্পষ্ট কৰি দিয়ে যে যিহেতু তেওঁলোকৰ বিবাহ ভাৰতীয় আইন অনুসৰি পঞ্জীয়ন কৰা হৈছিল, সেয়েহে অষ্ট্ৰেলিয়াৰ আদালতৰ এই বিবাদত কোনো অধিকাৰ নাই। সেইবাবেই অষ্ট্ৰেলিয়াৰ আদালতে দিয়া পূৰ্বৰ সকলো সম্পত্তি বিভাজনৰ নিৰ্দেশক দিল্লী আদালতে অবৈধ আৰু বাতিল বুলি ঘোষণা কৰিছে।

আদালতৰ শুনানিৰ সময়ত পোহৰলৈ আহে যে ধাৱনক মানসিকভাৱে হাৰাশাস্তি কৰি আৰু তেওঁৰ ক্ৰিকেট কেৰিয়াৰ ধ্বংস কৰাৰ ভাবুকি দি এই সম্পত্তিৰ চুক্তিসমূহত স্বাক্ষৰ কৰোৱা হৈছিল। শিখৰ ধাৱনে আদালতত অভিযোগ কৰিছিল যে ২০১২ চনত তেওঁলোকৰ বিবাহৰ পিছৰে পৰা আয়েশাই তেওঁৰ বিৰুদ্ধে মিছা আৰু আপত্তিজনক তথ্য সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ভয় দেখুৱাই ধন দাবী কৰি আহিছিল। আনকি ধাৱনে নিজৰ ধনেৰে ক্ৰয় কৰা সম্পত্তিসমূহো বলপূৰ্বকভাৱে আয়েশাৰ নামত বা যৌথ নামত পঞ্জীয়ন কৰিবলৈ বাধ্য কৰা হৈছিল। এটা উদাহৰণত দেখা গৈছিল যে ধাৱনে কিনা এটা সম্পত্তিৰ ৯৯ শতাংশ মালিকীস্বত্ব আয়েশাৰ নামত কৰা হৈছিল। আদালতে এইসমূহ কাৰ্যক বলপূৰ্বক আদায় বা এক্সটৰচন বুলি অভিহিত কৰিছে আৰু ধাৱনে দাখিল কৰা গোচৰৰ দিনৰ পৰা ৯ শতাংশ সুতসহ সেই ধন ওভতাই দিবলৈ আয়েশাক নিৰ্দেশ দিছে।

Apply Now

এই সমগ্ৰ আইনী যুঁজখনত আয়েশা মুখাৰ্জীয়ে দিল্লী আদালতৰ চমন পোৱাৰ পিছতো উপস্থিত থকা নাছিল, যাৰ বাবে আদালতে একপক্ষীয়ভাৱে এই ৰায়দান কৰে। আদালতে লক্ষ্য কৰে যে অষ্ট্ৰেলিয়াৰ পৰিয়াল আইন ভাৰতীয় হিন্দু বিবাহ আইন বা সম্পত্তি হস্তান্তৰ আইনৰ ওপৰত হ’ব নোৱাৰে। ইয়াৰ পূৰ্বে ২০২৩ চনত দিল্লীৰ আদালতে ধাৱনক বিবাহ বিচ্ছেদৰ অনুমতি দিছিল আৰু কৈছিল যে পত্নীৰ পৰা তেওঁ তীব্ৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে। বিশেষকৈ নিজৰ পুত্ৰ জোৰাভাৰৰ পৰা বছৰ বছৰ ধৰি আঁতৰাই ৰখাৰ বিষয়টোৱে ধাৱনক মানসিকভাৱে ভাঙি পেলাইছিল। যদিও তেওঁক পুত্ৰৰ সৈতে কথা পতাৰ বা দেখা কৰাৰ অনুমতি দিয়া হৈছিল, তথাপিও তেওঁক পিছলৈ যোগাযোগ কৰিবলৈ বাধা দিয়া হৈছিল বুলি ধাৱনে অভিযোগ কৰিছে। উল্লেখ্য যে বৰ্তমান শিখৰ ধাৱনে ছফী শ্বাইনৰ সৈতে ২০২৫ চনৰ ২২ ফেব্ৰুৱাৰীত দ্বিতীয় বিবাহত আবদ্ধ হৈ এক নতুন জীৱন আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd