ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেটছমেন শিখৰ ধাৱনৰ বাবে এক ডাঙৰ সকাহ কঢ়িয়াই আনিছে দিল্লীৰ এখন আদালতে। পাটিয়ালা হাউচ ফেমিলি কোৰ্টে ধাৱনৰ প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীক ৫.৭ কোটি টকা বা প্ৰায় ৮,৯৪,৩৯৭ অষ্ট্ৰেলিয়ান ডলাৰ ওভতাই দিবলৈ নিৰ্দেশ দিছে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি, অষ্ট্ৰেলিয়াত সম্পত্তিৰ নিষ্পত্তিৰ নামত যি ধন আয়েশাই লাভ কৰিছিল, সেয়া ভাবুকি আৰু প্ৰতাৰণাৰ জৰিয়তে আদায় কৰা হৈছিল। বিচাৰক দেৱেন্দ্ৰ কুমাৰ গাৰ্গে স্পষ্ট কৰি দিয়ে যে যিহেতু তেওঁলোকৰ বিবাহ ভাৰতীয় আইন অনুসৰি পঞ্জীয়ন কৰা হৈছিল, সেয়েহে অষ্ট্ৰেলিয়াৰ আদালতৰ এই বিবাদত কোনো অধিকাৰ নাই। সেইবাবেই অষ্ট্ৰেলিয়াৰ আদালতে দিয়া পূৰ্বৰ সকলো সম্পত্তি বিভাজনৰ নিৰ্দেশক দিল্লী আদালতে অবৈধ আৰু বাতিল বুলি ঘোষণা কৰিছে।
আদালতৰ শুনানিৰ সময়ত পোহৰলৈ আহে যে ধাৱনক মানসিকভাৱে হাৰাশাস্তি কৰি আৰু তেওঁৰ ক্ৰিকেট কেৰিয়াৰ ধ্বংস কৰাৰ ভাবুকি দি এই সম্পত্তিৰ চুক্তিসমূহত স্বাক্ষৰ কৰোৱা হৈছিল। শিখৰ ধাৱনে আদালতত অভিযোগ কৰিছিল যে ২০১২ চনত তেওঁলোকৰ বিবাহৰ পিছৰে পৰা আয়েশাই তেওঁৰ বিৰুদ্ধে মিছা আৰু আপত্তিজনক তথ্য সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ভয় দেখুৱাই ধন দাবী কৰি আহিছিল। আনকি ধাৱনে নিজৰ ধনেৰে ক্ৰয় কৰা সম্পত্তিসমূহো বলপূৰ্বকভাৱে আয়েশাৰ নামত বা যৌথ নামত পঞ্জীয়ন কৰিবলৈ বাধ্য কৰা হৈছিল। এটা উদাহৰণত দেখা গৈছিল যে ধাৱনে কিনা এটা সম্পত্তিৰ ৯৯ শতাংশ মালিকীস্বত্ব আয়েশাৰ নামত কৰা হৈছিল। আদালতে এইসমূহ কাৰ্যক বলপূৰ্বক আদায় বা এক্সটৰচন বুলি অভিহিত কৰিছে আৰু ধাৱনে দাখিল কৰা গোচৰৰ দিনৰ পৰা ৯ শতাংশ সুতসহ সেই ধন ওভতাই দিবলৈ আয়েশাক নিৰ্দেশ দিছে।
এই সমগ্ৰ আইনী যুঁজখনত আয়েশা মুখাৰ্জীয়ে দিল্লী আদালতৰ চমন পোৱাৰ পিছতো উপস্থিত থকা নাছিল, যাৰ বাবে আদালতে একপক্ষীয়ভাৱে এই ৰায়দান কৰে। আদালতে লক্ষ্য কৰে যে অষ্ট্ৰেলিয়াৰ পৰিয়াল আইন ভাৰতীয় হিন্দু বিবাহ আইন বা সম্পত্তি হস্তান্তৰ আইনৰ ওপৰত হ’ব নোৱাৰে। ইয়াৰ পূৰ্বে ২০২৩ চনত দিল্লীৰ আদালতে ধাৱনক বিবাহ বিচ্ছেদৰ অনুমতি দিছিল আৰু কৈছিল যে পত্নীৰ পৰা তেওঁ তীব্ৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে। বিশেষকৈ নিজৰ পুত্ৰ জোৰাভাৰৰ পৰা বছৰ বছৰ ধৰি আঁতৰাই ৰখাৰ বিষয়টোৱে ধাৱনক মানসিকভাৱে ভাঙি পেলাইছিল। যদিও তেওঁক পুত্ৰৰ সৈতে কথা পতাৰ বা দেখা কৰাৰ অনুমতি দিয়া হৈছিল, তথাপিও তেওঁক পিছলৈ যোগাযোগ কৰিবলৈ বাধা দিয়া হৈছিল বুলি ধাৱনে অভিযোগ কৰিছে। উল্লেখ্য যে বৰ্তমান শিখৰ ধাৱনে ছফী শ্বাইনৰ সৈতে ২০২৫ চনৰ ২২ ফেব্ৰুৱাৰীত দ্বিতীয় বিবাহত আবদ্ধ হৈ এক নতুন জীৱন আৰম্ভ কৰিছে।





