WHO approval: কোভাক্সিনৰ জৰুৰী প্ৰয়োগত WHOৰ অনুমোদন

অৱশেষত ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিনৰ জৰুৰী প্ৰয়োগত অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই।

আজি WHO ৰ তৰফৰ পৰা কোভাক্সিনৰ জৰুৰী প্ৰয়োগত অনুমোদন জনোৱাৰ কখা ৰাজহুৱা ভাবে প্ৰকাশ কৰা হয়।

The Technical Advisory Group (TAG) এ আজি এই অনুমোদন জনায়।

উল্লেখ্য কোভাক্সিনে কোভিডৰ উপসৰ্গ ৰোধ কৰাত ৭৭.৮ শতাংশ আৰু ডেল্টা প্ৰজাতি প্ৰতিৰোধৰ ক্ষেত্ৰত ৬৫.২ শতাংশ কাম কৰে বুলি প্ৰমাণিত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিন সম্পৰ্কীয় বিশেষজ্ঞসকলৰ কৌশলগত উপদেষ্টা গোটে ৫ অক্টোবৰত কোভাক্সিনৰ জৰুৰী প্ৰয়োগৰ সংক্ৰান্তত অনুমোদন বিষয়ত সিদ্ধান্ত ল’বলৈ বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল যদিও আজিয়েই এই সন্দৰ্ভত সিদ্ধান্ত ঘোষণা কৰে।

বিগত বহুদিন ধৰি কোভাক্সিনৰ অনুমোদনক লৈ চৰ্চা চলি আহিছে।

ভাৰত বায়’টেকে এটা টুইটত লিখিছিল যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা বিচৰা সকলোধৰণৰ ব্যাখ্যাৰ ক্ষেত্ৰত সংস্থাটোৱে সঁহাৰি জনাইছে। তেওঁলোকে এতিয়া বাকী প্ৰতিক্ৰিয়া সমাপ্ত হোৱাৰ বাবে অপেক্ষা কৰিছে।

উল্লেখ্য যে ভাৰত বায়’টেকে বহুদিন ধৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা জৰুৰী ভিত্তিত প্ৰয়োগৰ বাবে অনুমোদনৰ চেষ্টা চলাই আহিছে।
শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই কোভাক্সিনৰ অনুমোদনৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক আবেদন জনাইছিল।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন কোভাক্সিন ২-১৮ বছৰৰ লোকসকলৰ দেহতো জৰুৰী ভিত্তিত প্ৰয়োগ কৰিব পৰা যাব বুলি ইতিমধ্যে ভাৰতত অনুমোদন জনোৱা হৈছিল।

ছাবজেক্ট এক্সপাৰ্ট কমিটিয়ে এই অনুমোদন জনাইছিল।ভাৰত বায়’টেকে ৬ অক্টোৱৰৰ দিনা ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকক ২-১৮ বছৰৰ ভিতৰৰ সকলৰ দেহত কোভাক্সিনৰ পৰীক্ষামূলক প্ৰয়োগৰ তথ্য দাখিল কৰিছিল।সেই তথ্য লাভ কৰাৰ পিছতে ২-১৮ বছৰৰ সকলৰ দেহতো কোভাক্সিন ব্যৱহাৰৰ অনুমোদন দিয়া হয়।

উল্লেখ্য প্ৰথমে পাটনাৰ এইমছত শিশুসকলৰ ওপৰত কোভাক্সিনৰ ক্লিনিকেল ট্ৰায়েল কৰা হৈছিল। ইয়াৰ পিছত দিল্লীৰ এইমছেও এই পৰীক্ষণেই চলাইছিল।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড-১৯ৰ এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত ২বছৰৰ পৰা ১৮ বছৰৰ শিশুসকলৰ বাবে উপযোগী হ’ব নে নাই সেয়া পৰ্যবেক্ষণ কৰা হৈছিল।