NORTHEAST NOW (Assamese)

ভেকচিন গ্ৰহণ নকৰা বা আংশিকভাবে গ্ৰহণ কৰা লোকৰেই সৰ্বাধিক মৃত্যু ঘটিছে কোভিডৰ তৃতীয় ঢৌত

January 22, 2022 7:30 pm · এন ই নাও নিউজ,গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

কালান্তক কোভিডক কেৱল ভেকচিনেহে প্ৰতিৰোধ কৰিব পাৰে। সেই কথাৰ প্ৰমাণ পোৱা গৈছে শেহতীয়াকৈ প্ৰকআশিত এক অধ্যয়নৰ পৰা ।

শেহতীয়া অধ্যয়ন অনুসৰি এইবেলি কোভিডত যিসকল লোকৰ মৃত্যু ঘটিছে তেওঁলোকৰ মাজৰে ৬০ শতাংশ লোকেই কোভিডৰ ভেকচিন গ্ৰহণ নকৰা অথবা ভেকচিন সম্পূৰ্ণকৈ নোলোৱা লোক।

মেক্স হেল্থকেয়াৰৰ অধ্যয়নত কোৱা হৈছে যে কোভিডত মৃত্যু ঘটা লোকসকলৰ ভিতৰত ৭০ বছৰতকৈ অধিক বয়সৰ লোক,যিসকলে বৃক্কৰ ৰোগ, হৃদৰোগ, মধুমেহ, কৰ্কট ৰোগ আদিৰ দৰে একাধিক ৰোগত ভুগি আছিল তেওঁলোকৰ মাজৰে বেছি সংখ্যক লোকে মৃত্যুক সাৱটি লৈছে।

মেক্স হেল্থকেয়াৰৰ অধ্যয়নত প্ৰকাশ পোৱা মতে মেক্স হেল্থকেয়াৰত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ৮২ গৰাকী লোকৰ ভিতৰৰে মৃত্যু ঘটা ৬০ শতাংশ লোকেই হয় আংশিকভাবে অথবা একেবাৰে টিকাকৰণ নকৰা লোক।

আনহাতে কোভিডৰ তৃতীয় ঢৌৰ সময়ত মাত্ৰ ২৩.৪ শতাংশ ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছিল, দ্বিতীয় ঢৌৰ সময়ত ৭৪ শতাংশ আৰু প্ৰথম ঢৌৰ সময়ত ৬৩ শতাংশ ৰোগীক অক্সিজেন দিবলগীয়া হৈছিল।

Related News