NORTHEAST NOW (Assamese)

বৰফে আগুৰা এণ্টাৰ্কটিকা পালেগৈ ক’ৰ’ণা ভাইৰাছ,৫৮ জন আক্ৰান্ত

December 23, 2020 5:59 pm · এন ই নাও নিউজ
Updated: December 23, 2020 7:12 pm

ভৱা হৈছিল এণ্টাৰ্কটিকাৰ দৰে শীতল ঠাইত ক’ৰ’ণা ভাইৰাছে খোপনি পুতিব নোৱাৰে।

কিন্তু সেই সকলো ধাৰণাত চেঁচা পানী ঢালি এণ্টাৰ্কটিকাতো যে ক’ৰ’ণাৰ সংক্ৰমণ ঘটিব পাৰে সেয়া প্ৰমাণ হৈছে।

শেহতীয়াকৈ এণ্টাৰ্কটিকাত ৫৮ জন লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

চিলিৰ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এণ্টাৰ্কটিকাৰ জেনেৰেল বাৰ্নাৰ্ডো হিগ্গিছ বেছত ৩৬ জন লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

চিলিৰ সেনাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰান্তসকলৰ ভিতৰত ২৬ জন সেনাৰ জোৱান আৰু ১০ জন সাধাৰণ কৰ্মচাৰী।

চিলিৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে এণ্টাৰ্কটিকাৰ লা ইষ্ট্ৰেলা অঞ্চলটোত নতুনকৈ এজন লোক আক্ৰান্ত হৈছে।

এণ্টাৰ্কটিকাত কৰ্মৰত চিলিৰ নৌ বাহিনীৰ ২১ জন কৰ্মী ইতিমধ্যে কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।চিলিৰ নৌ বাহিনীৰ ছাৰ্জেণ্ট এলডিয়া নামৰ জাহাজ খনৰ বহু কৰ্মী ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইপিনে সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছে পুনৰ নতুন ৰূপত সংক্ৰমিত হবলৈ আৰম্ভ কৰিছে।

বিশ্বৰ বহু দেশে সেয়ে পুনৰ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে।

Related News