• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: আৰ্থিক সংকট প্ৰশমনৰ বাবে ব্যয় সংকোচন নীতি গ্ৰহণ অসম চৰকাৰৰ

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 29, 2020 8:04 pm

2 min read

COVID-19: Assam announces austerity measures to mitigate economic crisis

বিত্ত বিভাগৰ অফিচ মে’মৰেণ্ডাম।

2.1k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সংকট প্ৰশমনৰ বাবে ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰিছে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰিব বুলি শেহতীয়াকৈ উল্লেখ কৰিছিল।

অসমৰ বিত্ত বিভাগে এই সন্দৰ্ভত তলত দিয়া নিৰ্দেশনাসমূহ বুধবাৰৰ পৰা তৎকালে কাৰ্য্যকৰী হোৱাকৈ জাৰি কৰিছে।

এছ অ’ পি ডি (State owned priority development) আঁচনিসমূহৰ প্ৰশাসনিক অনুমোদন আৰু বিত্তীয় মঞ্জুৰী দিয়াৰ ক্ষেত্ৰত প্ৰশাসনীয় বিভাগসমূহ/ বিভাগৰ মুৰব্বীসকলক দিয়া অনুমোদনৰ ক্ষমতা বাতিল কৰা হৈছে।

এই সন্দৰ্ভত প্ৰয়োজন হ’লে বিভাগসমূহে বিত্ত বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব।

কাৰ্য্যালয়ৰ খৰচৰ ক্ষেত্ৰতো ব্যয় সংকোচন কৰা হৈছে। এতিয়াৰে মুঠ বাজেটৰ কেৱল ১০ শতাংশহে ইয়াৰ বাবদ খৰচৰ অনুমতি দিয়া হ’ব।

বিভিন্ন খণ্ডৰ ঔদ্যোগিক ৰেহাই, ভৰ্তুকি আৰু ইনচেনটিভসমূহৰ সকলো ব্যয় পুনৰ নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাতিল কৰা হৈছে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰিমাহত উদ্যোগসমূহক জি এছ টি পৰিশোধৰ অনুমতি দিয়া নহ’ব।

এম্বুলেন্স আৰু আৰক্ষীৰ কৰ্তব্যৰ বাবে প্ৰয়োজনীয় বাহনৰ বাহিৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্য্যন্ত যানবাহন ক্ৰয় নিষিদ্ধ কৰা হৈছে। এইক্ষেত্ৰতো মুখ্য মন্ত্ৰীৰ অনুমোদন অনুযায়ীহে অনুমতি দিয়া হ’ব।

সন্মিলন/ ছেমিনাৰ/ কৰ্মশালা/ মেলা আৰু অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত মিতব্যয়িতা বজাই ৰাখিব লাগিব।

এই অনুষ্ঠানসমূহ ফিজিকেল ম’ডত প্ৰথম চাৰিমাহত সম্পূৰ্ণ বন্ধ থাকিব। পঞ্চতাৰকা হোটেলত সভা আৰু সন্মিলন কৰাৰ ওপৰত এক নিষেধাজ্ঞা থাকিব।

অসমৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰী, মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকল আৰু অসমৰ মুখ্য সচিবৰ বাহিৰে এক্জিকিউটিভ ক্লাছৰ অনুমতি দিয়া নহ’ব।

ৰাজ্যিক অতিথিক পঞ্চতাৰকা হোটেলৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত সাধাৰণ প্ৰশাসন বিভাগে  বিশিষ্ট অতিথিসকলক ৰাজ্যিক অতিথিৰূপে ঘোষণাত বিবেচনা প্ৰয়োগ কৰিব আৰু সকলো নিয়ম বজাই চলিব।

দেশৰ বাহিৰত হ’ব লগা কোনো পাঠ্যক্ৰম/ কৰ্মশালা/ ছেমিনাৰৰ বাবে অসম চৰকাৰে ব্যয় বহন কৰিব লগা হ’লে কোনো বিষয়াকে তাত ভাগ লোৱাৰ অনুমতি দিয়া নহ’ব।

সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/ নিগম/ ব’ৰ্ডৰ সঞ্চালক আৰু উপ সঞ্চালকসকলৰ পৰিশ্ৰামিক ১ মে’, ২০২০ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ২৫ শতাংশ হ্ৰাস কৰা হ’ব।

বিধায়কসকলৰ স্থানীয় এলেকা উন্নয়ন পুঁজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰিটা মাহ বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাতিল থাকিব।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd