• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: অসম চৰকাৰলৈ কেইটামান পৰামৰ্শ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 11, 2020 7:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কৰ’নাভাইৰাছ আৰু লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ কিছু পৰামৰ্শ আগবঢ়াইছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে এক ভিডিঅ’যোগে এইসমূহ পৰামৰ্শ আগবঢ়াইছে।

Apply Now

তেওঁ কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি মোকাবিলাৰ ক্ষেত্ৰত কেৰালা চৰকাৰৰ পদ্ধতি অনুকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

“কেৰালা চৰকাৰে যেনেদৰে ৰাজ্যখনত কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে ৰাজ্যখনৰ অর্থনৈতিক সংকটৰ জোৰা মাৰিবৰ বাবেও কিছুমান বাস্তৱসন্মত পদ্ধতি গ্রহণ কৰিছে, সেই পদ্ধতি তথা পদক্ষেপসমূহ এই মুহূৰ্তত অসম চৰকাৰেও গ্রহণ কৰা উচিত,” গগৈয়ে কয়।

কেৰালা আৰু অসমৰ বহুক্ষেত্রত সাদৃশ্য আছে বুলি মন্তব্য কৰি গগৈয়ে কেৰালা চৰকাৰে লোৱা কিছু পদক্ষেপ উল্লেখ কৰে।

“কেৰালা চৰকাৰে  Rapid Testingৰ ব্যৱস্থা কৰিছে। জনস্বাস্থ্যৰ সুবিধাসমূহ ৰাইজৰ একেবাৰে ওচৰলৈ লৈ গৈছে। সম্পূর্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি কৃষিকৰ্মৰ লগত জড়িতসকলক কাম কৰিবলৈ সুবিধা দিছে, বাগানসমূহ খুলিবলৈ অনুমতি দিছে, MGNREGAৰ কৰ্মদিনৰ কামো চলাই যোৱাৰ অনুমতি দিয়াৰ কথা ভাবিছে ইত্যাদি,” তেওঁ কয়।

“আমিও যদি সম্পূর্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে কাৰ্য্যব্যৱস্থা গ্রহণ কৰিব পাৰো তেন্তে কৃষক, দৈনিক শ্ৰমিকৰ লগতে দুখীয়া দৰিদ্র লোকসকল দুশ্চিন্তাত আৰু একাংশ মানুহ অনাহাৰে থাকিবলগীয়া নহ’ব আৰু অৰ্থনৈতিক সংকটৰ পৰাও কিছু পৰিমাণে হ’লেও সকাহ পাম।”

অসমৰ কিছু সমস্যা আন ৰাজ্যতকৈ পৃথক বুলি উল্লেখ কৰি গগৈয়ে বিশেষ ৰাজ্যভিত্তিক আঁচনি গ্রহণৰো পোষকতা কৰে।

“যেনে বানপানীৰ সমস্যা। অনতিপলমে ছিগা মথাউৰিসমূহৰ মেৰামতি আৰু নিৰ্মাণ নকৰিলে পৰিস্থিতি আৰু বেয়া হ’ব,” তেওঁ কয়।

চৰকাৰে জনস্বাস্থ্য আৰু অৰ্থনৈতিক দুয়োটা দিশতে এক সমদৃষ্টি ৰাখি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি গগৈয়ে আশা প্ৰকাশ কৰে।

আনহাতে, মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে দেওবাৰে এখন সৰ্বদলীয় সভা আহ্বান কৰাৰ বাবে লোৱা সিদ্ধান্তত প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

তেওঁ নিজেও উক্ত সভাত উপস্থিত থাকি নিজৰ মতামত আগবঢ়াব বুলিও জানিবলৈ দিয়ে।

গগৈয়ে আশা প্ৰকাশ কৰে যে অসম চৰকাৰে চিকিৎসক, বিজ্ঞানী, অৰ্থনৈতিক বিশেষজ্ঞ, উদ্যোগী, চাহ-উদ্যোগী, সৰু-সুৰা ব্যৱসায়ী, কৃষক, শ্ৰমিক, দৈনিক মজদুৰ, নিবনুৱা  সকলোৰে হৈ আলোচনা কৰি সকলোৰে বাবে সকাহ দিব পৰা এক আঁচনি গ্রহণ কৰিব।

“এই সময়ত কৰ’না সংক্ৰমণ ৰোধ কৰা আৰু অৰ্থনৈতিক সংকটৰ জোৰা মৰাৰ বাবে বিস্তৃত আঁচনি আৰু কাৰ্য্যপন্থা গ্রহণ কৰিব লাগিব,” গগৈয়ে কয়।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd