জি এছ টি/ শুল্ক, ৫ লাখ টকালৈকে আয়কৰ ৰিফাণ্ড তৎকালে মুকলিৰ সিদ্ধান্ত কেন্দ্ৰৰ

2000-rs-currency-noteHow to detect fake 2k, 500 rupees

প্ৰতীকী ছবি।

ভাৰত চৰকাৰে সকলো জি এছ টি/ শুল্ক ৰিফাণ্ড আৰু ৫ লাখ টকালৈকে সকলো আয়কৰ ৰিফাণ্ড তৎকালে মোকলাই দিয়াৰ সিদ্ধান্ত লৈছে।

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিত কৰদাতাসকলক সকাহ দিয়াৰ বাবে আয়কৰ বিভাগে বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“COVID-19ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু কৰদাতাসকলক তৎকালে সকাহ দিয়াৰ বাবে ভাৰত চৰকাৰে ৫ লাখ টকাপৰ্য্যন্ত বাকী থকা সকলো আয়কৰ ৰিফাণ্ড আৰু জি এছ টি/ শুল্ক ৰিফাণ্ড তৎকালে কাৰ্য্যকৰী হোৱাকৈ জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে,” আয়কৰ বিভাগৰ টুইট।

চৰকাৰে ঘূৰাই দিব লগা মুঠ ৰিফাণ্ডৰ পৰিমাণ হ’ব ১৮,০০০ কোটি টকা।

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ১৪ লাখ কৰদাতাৰ উপৰি এম এছ এম ইকে ধৰি প্ৰায় এক লাখ ব্যৱসায় উপকৃত হ’ব।