NORTHEAST NOW (Assamese)

ছেপ্টেম্বৰলৈকে ভাৰতত নিৰ্মূল হ’ব কৰ’না মহামাৰী! নতুন প্ৰতিবেদনত দাবী বিশেষজ্ঞৰ

June 7, 2020 8:39 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণ কেতিয়া সমাপ্ত হ’ব তাক লৈ আহিছে এক নতুন খৱৰ। কোভিড-১৯ মহামাৰী ছেপ্টেম্বৰৰ মাজভাগলৈকে ভাৰতত শেষ হ’ব পাৰে।

গাণিতিক পদ্ধতিৰ আধাৰত কৰা বিশ্লেষণৰ সহায়ত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ দুগৰাকী জনস্বাস্থ্য বিশেষজ্ঞই এই দাবী কৰিছে।

বাতৰি অনুসৰি, বিশ্লেষণত দেখুওৱা হৈছে যে যেতিয়া গুণাংক ১০০ শতাংশ স্পৰ্শ কৰিব তেতিয়াই এই মহামাৰীৰ অন্ত পৰিব।

বিশ্লেষণাত্মক এই প্ৰতিবেদন অনলাইন জাৰ্ণেল এপিডেমিঅ’লজি ইন্টাৰনেশ্যনেলত প্ৰকাশিত হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ জনস্বাস্থ্য শাখাৰ উপ সঞ্চালক ডাঃ অনিল কুমাৰ আৰু কুষ্ঠৰোগ শাখাৰ উপ সহকাৰী সঞ্চালক ৰূপালী ৰায়ে এই বিশ্লেষণ দাঙি ধৰিছে।

তেওঁলোকে এই বিশ্লেষণৰ বাবে বেলীৰ গণিতীয় পদ্ধতিৰ ব্যৱহাৰ কৰিছে। এই গাণিতিক পদ্ধতিয়ে কোনো মহামাৰীৰ সম্পূৰ্ণ বিস্তৃতিৰ সম্প্ৰসাৰণৰ ওপৰত বিচাৰ কৰে য’ত সংক্ৰমণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ দুয়োটাকে সামৰি লয়।

এই পদ্ধতিয়ে সংক্ৰমণৰ প্ৰকাৰ, সংক্ৰমিত ব্যক্তিৰ সংক্ৰমণৰ ধাৰাৰ অন্তিম ক্ষণলৈকে সামৰি লয়।

ই লগতে মুঠ সংক্ৰমণৰ হাৰ আৰু ৰোগটোৰ পৰা সুস্থ হৈ উঠাৰ মুঠ হাৰৰ মাজত সম্পৰ্কৰ ফলাফলৰ ওপৰতো বিশ্লেষণ কৰে।

তথ্য অনুসৰি, ভাৰতত প্ৰকৃতে এই মহামাৰী যোৱা ২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে।

বিশেষজ্ঞ দুগৰাকীয়ে বিশ্লেষণৰ বাবে ভাৰতত কোভিড-১৯ৰ বাবে পৰিসংখ্যা ৱৰ্ল্ডমিটাৰ্ছ ডট ইনফোৰ পৰা ১ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈকে লিপিবদ্ধ আক্ৰান্তৰ ঘটনা, সংক্ৰমণ মুক্ত হোৱা ৰোগীৰ সংখ্যা তথা মৃত্যুৰ সংখ্যা লৈছিল।

প্ৰতিবেদনত কোৱা হৈছে যে সাংখ্যিক বিশ্লেষণ অনুসৰি, ভাৰতত ছেপ্টেম্বৰৰ মাজভাগলৈকে সংক্ৰমণৰ হাৰ ১০০ শতাংশ স্পৰ্শ কৰিব।

ইয়াৰ পাছতে ভাৰতত কৰ’না মহামাৰী সমাপ্ত হোৱাৰ আশা ব্যক্ত কৰা হৈছে।

Related News