DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেপ্টেম্বৰলৈকে ভাৰতত নিৰ্মূল হ’ব কৰ’না মহামাৰী! নতুন প্ৰতিবেদনত দাবী বিশেষজ্ঞৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2020 8:39 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

11k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণ কেতিয়া সমাপ্ত হ’ব তাক লৈ আহিছে এক নতুন খৱৰ। কোভিড-১৯ মহামাৰী ছেপ্টেম্বৰৰ মাজভাগলৈকে ভাৰতত শেষ হ’ব পাৰে।

গাণিতিক পদ্ধতিৰ আধাৰত কৰা বিশ্লেষণৰ সহায়ত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ দুগৰাকী জনস্বাস্থ্য বিশেষজ্ঞই এই দাবী কৰিছে।

বাতৰি অনুসৰি, বিশ্লেষণত দেখুওৱা হৈছে যে যেতিয়া গুণাংক ১০০ শতাংশ স্পৰ্শ কৰিব তেতিয়াই এই মহামাৰীৰ অন্ত পৰিব।

বিশ্লেষণাত্মক এই প্ৰতিবেদন অনলাইন জাৰ্ণেল এপিডেমিঅ’লজি ইন্টাৰনেশ্যনেলত প্ৰকাশিত হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ জনস্বাস্থ্য শাখাৰ উপ সঞ্চালক ডাঃ অনিল কুমাৰ আৰু কুষ্ঠৰোগ শাখাৰ উপ সহকাৰী সঞ্চালক ৰূপালী ৰায়ে এই বিশ্লেষণ দাঙি ধৰিছে।

তেওঁলোকে এই বিশ্লেষণৰ বাবে বেলীৰ গণিতীয় পদ্ধতিৰ ব্যৱহাৰ কৰিছে। এই গাণিতিক পদ্ধতিয়ে কোনো মহামাৰীৰ সম্পূৰ্ণ বিস্তৃতিৰ সম্প্ৰসাৰণৰ ওপৰত বিচাৰ কৰে য’ত সংক্ৰমণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ দুয়োটাকে সামৰি লয়।

এই পদ্ধতিয়ে সংক্ৰমণৰ প্ৰকাৰ, সংক্ৰমিত ব্যক্তিৰ সংক্ৰমণৰ ধাৰাৰ অন্তিম ক্ষণলৈকে সামৰি লয়।

ই লগতে মুঠ সংক্ৰমণৰ হাৰ আৰু ৰোগটোৰ পৰা সুস্থ হৈ উঠাৰ মুঠ হাৰৰ মাজত সম্পৰ্কৰ ফলাফলৰ ওপৰতো বিশ্লেষণ কৰে।

তথ্য অনুসৰি, ভাৰতত প্ৰকৃতে এই মহামাৰী যোৱা ২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰা কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে।

বিশেষজ্ঞ দুগৰাকীয়ে বিশ্লেষণৰ বাবে ভাৰতত কোভিড-১৯ৰ বাবে পৰিসংখ্যা ৱৰ্ল্ডমিটাৰ্ছ ডট ইনফোৰ পৰা ১ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈকে লিপিবদ্ধ আক্ৰান্তৰ ঘটনা, সংক্ৰমণ মুক্ত হোৱা ৰোগীৰ সংখ্যা তথা মৃত্যুৰ সংখ্যা লৈছিল।

প্ৰতিবেদনত কোৱা হৈছে যে সাংখ্যিক বিশ্লেষণ অনুসৰি, ভাৰতত ছেপ্টেম্বৰৰ মাজভাগলৈকে সংক্ৰমণৰ হাৰ ১০০ শতাংশ স্পৰ্শ কৰিব।

ইয়াৰ পাছতে ভাৰতত কৰ’না মহামাৰী সমাপ্ত হোৱাৰ আশা ব্যক্ত কৰা হৈছে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd