ব্লেকলিষ্টেড হ’ল নিজামুদ্দিনৰ জামাতলৈ অহা ৯৬০ বিদেশী

India blacklists 960 foreigners who attended Tablighi Jamaat on tourist visas

প্ৰতীকী ছবি।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নিজামুদ্দিনৰ তাবলিঘি জামাতত অংশ লোৱা ৯৬০ গৰাকী বিদেশীক ব্লেকলিষ্টেড কৰিছে।

 

টুৰিষ্ট ভিজাত ভাৰতলৈ আহি জামাতৰ কাৰ্য্যকলাপত অংশ লোৱা বাবে এই লোকসকলক ব্লেকলিষ্টেড কৰা হৈছে।

 

মন্ত্ৰ্যালয়ে এই বিদেশী নাগৰিকসকলৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণৰ বাবে সকলো ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালকপ্ৰধান, দিল্লীৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে।

 

ফৰেইনাৰ্ছ এক্ত, ১৯৪৬ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা আইন, ২০০৫ উলংঘাৰ বাবে এই লোকসকলৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে।

বাতৰি মতে এই বিদেশীসকলৰ মাজত ১৬খন দেশৰ নাগৰিক আছে।

১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈকে নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত এই সমাৱেশ ভাৰতত COVID-19 বিয়পাৰ অন্যতম কেন্দ্ৰৰূপে পৰিগণিত হৈছে।

 

অসমত এতিয়ালৈকে চিনাক্ত হোৱা আটাইকেইগৰাকী ৰোগী নিজামুদ্দিনৰ জামাতলৈ যোৱা বুলি প্ৰকাশ পাইছে।

 

তাৰোপৰি দিল্লীতো অসমৰ চাৰিজন কৰ’নাভাইৰাছ আক্ৰান্ত চিকিৎসাধীন হৈ আছে। তেওঁলোকেও এই সমাৱেশত অংশগ্ৰহণ কৰিছিল।

 

দেশত মুঠ COVID-19 আক্ৰান্তৰ ২০ শতাংশৰে এই সমাৱেশৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰকাশ পাইছে।

 

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে এই সমাৱেশৰ সৈতে প্ৰায় ৪০০টা COVID-19 পজিটিভ ঘটনাৰ সম্পৰ্ক আছে।

 

দিল্লী আৰক্ষীয়ে নিজামুদ্দিনৰ এটা মছজিদৰ পৰা ২৩৬১ গৰাকী লোকক বাহিৰ কৰিছিল।

 

ইতিমধ্যে এই লোকসকলৰ কণ্টেক্ত ট্ৰেচিং আৰু টেষ্টিঙৰ বাবে দেশজুৰি অভিযান চলোৱা হৈছে।

দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যাই ২০০০ৰ দিশে গতি কৰিছে। বিশ্বজুৰি প্ৰায় ১ মিলিয়ন লোক এই ৰোগত আক্ৰান্ত হৈছে।