NORTHEAST NOW (Assamese)

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৫,৯৬৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২০২ গৰাকীৰ

January 13, 2021 11:19 am · এন ই নাও নিউজ

ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমিছিল যদিও আজি বিগত দিনসমূহৰ তুলনাত আক্ৰান্তৰ সংখ্যা পুনৰ এবাৰ সামান্য পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত ১৫,৯৬৮ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱাত এই সংখ্যা ১,০৪,৯৫,১৪৭ লৈ বৃদ্ধি পাইছে।

আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২০২ গৰাকী লোকৰ। মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৫১,৫২৯ লৈ।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰৰ ১,০১,২৯,১১১ গৰাকী লোক ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

দেশত এতিয়া আৰোগ্যৰ হাৰ হৈছে ৯৬.৫১ শতাংশ। মৃত্যুৰ হাৰ ১.৪৪ শতাংশ।

ইফালে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা যোৱা কিছুদিন ধৰি তিনিলাখৰ তলতেই আছে।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,১৪,৫০৭ গৰাকী। যিটো মুঠ আক্ৰান্তৰ মাত্ৰ ২.০৪ শতাংশ।

উল্লেখ্য যে ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত নতুনকৈ ইয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত কিছু পৰিমানে শংকিত হৈছে ভাৰত চৰকাৰ।

আই চি এম আৰৰ তথ্য অনুসৰি ১২ জানুৱাৰিলৈকে দেশত মুঠ ১৮,৩৪,৮৯,১১৪ গৰাকী লোকৰ ক’ৰ’না টেষ্ট সম্পন্ন হৈছে।

Related News