কেতিয়াৰ পৰা দেশত ক’ৰ’ণাৰ টীকাকৰণ আৰম্ভ কৰা হ’ব তাকে লৈ জল্পনা-কল্পনা চলি থকাৰ সময়তে অহা ১৬ জানুৱাৰীৰ পৰা এই টীকাকৰণ ভাৰতত আৰম্ভ হ’ব বুলি আজি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে আজি সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ভেকচিন প্ৰদানৰ তাৰিখ ঘোষণা কৰে।
চৰকাৰে প্ৰকাশ কৰা মতে প্ৰথমাৱস্থাত চিকিৎসা কৰ্মী আৰু সন্মখৰ পৰা কোভিডৰ সৈতে যুঁজ দি থকা প্ৰায় ৩ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ব।
উল্লেখ্য অলপতে অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভিক্সিন নামৰ কোভিড ভেকচিন দুটা ভাৰতত জৰুৰী টীকাকৰণৰ চূড়ান্ত অনুমতি লাভ কৰিছিল।
ইফালে কোভিডশ্বীল্ড ভেকচিন প্ৰস্তুতকৰ্তা ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু কোভিক্সিন ভেকচিন প্ৰস্তুতকাৰী আন এটা ভাৰতীয় প্ৰতিষ্ঠান ভাৰত বায়’টেকে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে প্ৰতিষ্ঠান দুটাই ভাৰতত একেলগে ভেকচিন বিতৰণ কৰিব।
ভাৰতীয় প্ৰতিষ্ঠান দুটাই সমগ্ৰ বিশ্বতে কোভিড ভেকচিন বিতৰণ কৰিব বুলিও বিবৃতিত প্ৰকাশ কৰিছে।
তেওঁ লগতে জনায় যে সমগ্ৰ দেশত ভেকচিনসমূহ সংৰক্ষিত কৰি ৰাখিবলৈ ২৯ হাজাৰ ক’ল্ড ষ্ট’ৰ সাজু কৰি ৰখা হৈছে।