NORTHEAST NOW (Assamese)

অসমত আজিৰ দিনটোত কোভিডত মৃত্যু ৭৯ গৰাকী লোকৰ, আক্ৰান্ত ৫৯৮০ গৰাকী লোক

May 22, 2021 8:41 pm · এন ই নাও নিউজ
Updated: May 26, 2021 8:02 pm
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যদিও পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈয়েই আছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে গৰাকী ৭৯ গৰাকী লোকৰ প্ৰাণ ।
বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৫৯৮০ গৰাকী লোক ।

আজি ১০৭৩৯৮ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৯০২ গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৫.৫৭ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৪.১২ শতাংশ ।

ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণ ভালে খিনি ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

ৰাজ্যত অক্সিজেনো প্ৰচুৰ মাত্ৰাত মজুত থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আহিছে। ব্লেক ফাংগাছৰ সংক্ৰমণো এতিয়ালৈকে ৰাজ্যত নিয়ন্ত্ৰণৰ ভিতৰতে আছে।

Related News