সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা মৰিগাঁও জিলাতো শনিবাৰ অৰ্থাৎ ১৬ জানুৱাৰীত কৰোনা ভাইৰাছৰ টিকাকৰণ অভিযান আৰম্ভ হব ।
কোভিড-১৯ নামৰ এই টিকা প্ৰথমে ২০০ গৰাকী স্বাস্থ্যকৰ্মীক কাইলৈ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ১০০ গৰাকী আৰু ন’খোলা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ১০০ গৰাকী স্বাস্থ্যকৰ্মীক পুৱা ৯ বজাৰ পৰা এই টিকা প্ৰদান কৰা হব ।
মৰিগাঁও জিলাত এতিয়ালৈকে মুঠ ৩৪২ গৰাকী স্বাস্থ্যকৰ্মীৰ নাম এই টিকাকৰনৰ বাবে Co-WIN Portal ত পঞ্জীয়ন কৰা হৈছে ।
এই টিকাকৰণ কাৰ্যসূচীৰ মুখপাত্ৰ হিচাপে জিলা প্ৰতিষেধক বিষয়া ডা: সোনেশ্বৰ দেওৰজাই সংবাদ মাধ্যমক যিকোনো তথ্য প্ৰদানৰ দায়িত্ব পালন কৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিয়ে ।