NORTHEAST NOW (Assamese)

অসমত ২৩৪৩ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২৮,৫০৭

September 5, 2020 11:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

২৩৪৩গৰাকী ব্যক্তিয়ে অসমত শনিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

এইসকলক ধৰি অসমত এতিয়ালৈকে ৯৫,০৬০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮,৫০৭ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইফালে ২৬৯৮গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৬৭ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৭.৩৪ শতাংশ।

যোৱা ২৪ ঘণ্টাত ৩৫,১৪৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৭০০, বঙাইগাঁৱৰ ১৯০, লখিমপুৰৰ ১৫১ আৰু কামৰূপৰ ১৪২গৰাকী ব্যক্তি।

অসমত এতিয়ালৈকে মুঠ ১,২৩,৯২২গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে। ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

আনহাতে আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মৃতকৰ সংখ্যা ৩৫২লৈ বৃদ্ধি পাইছে।

Related News