দেশত ১৫ৰ পৰা ১৮ বছৰৰ শিশুক দিয়া হ’ব কৰ’না ভেকচিন; আৰু কোনে পাব বুষ্টাৰ ড’জ?

WhatsApp Image 2021-12-26 at 7.19.51 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দুটা ডাঙৰ ঘোষণা কৰে। নতুন বছৰৰ পৰাই দেশত শিশুৰ টীকাকৰণ আৰম্ভ হ’ব। সেইদৰে প্ৰথমশাৰীৰ যোদ্ধা, স্বাস্থ্যকৰ্মীসকলক ‘Precaution Dose’ প্ৰদান কৰা হ’ব।

তদুপৰি, কো-মৰ্বিডিটি থকা ৬০ৰ উৰ্ধৰ নাগৰিকসকলকো এই সতৰ্কতামূলক ড’জ প্ৰদান কৰা হ’ব। এইক্ষেত্ৰত চিকিৎসকৰ নিদানপত্ৰ লাগিব।

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে জানিবলৈ দিয়ে যে ১৫ৰ পৰা ১৮ বছৰৰ শিশুসকলৰ বাবে দেশত টীকাৰণ আৰম্ভ হ’ব। ২০২২চনৰ ৩ জানুৱাৰীৰ পৰা এই টীকাকৰণ কাৰ্যসূচী আৰম্ভ হ’ব।

Also Read: দেশত অমিক্ৰনত আক্ৰান্ত হ’ল কিমান লোক? কোন কেইখন ৰাজ্যলৈ কেন্দ্ৰই পঠিয়াব বিশেষ দল?

এই সিদ্ধান্তৰ ফলত দেশত  কৰ’নাৰ বিৰুদ্ধে যুঁজখন শক্তিশালী হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ ফলত শিক্ষানুষ্ঠানলৈ যোৱা শিশুসকলৰ চিন্তা কমিব আৰু তাৰ লগতে তেওঁলোকৰ অভিভাৱকসকলেও সকাহ পাব।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰথমশাৰীৰ কৰ’না যোদ্ধা, স্বাস্থ্যকৰ্মীসকলৰ বাবে নতুন বছৰৰ ১০ জানুৱাৰীৰ পৰা সতৰ্কতামূলক ড’জ (Precaution Dose) প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ব।

ইয়াৰ লগতে কো-মৰ্বিডিটি থকা ৬০ৰ উৰ্ধৰ নাগৰিকসকলকো এই সতৰ্কতামূলক ড’জ প্ৰদান কৰা হ’ব।

Also Read:BREAKING NEWS অসমত জাৰি কৰা হ’ল নৈশ সান্ধ্য আইন, নতুন SOP ঘোষণা, কি কি আছে নতুন SOP ত?

দেশৰ ১৪৫ কোটি লোকক কৰ’নাৰ ভেকচনি প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ ৬১শতাংশ লোকে কৰ’না ভেকচিনৰ দুটা ড’জ লাভ কৰিছে।

সেইদৰে, ১৮বছৰৰ ওপৰৰ ৯১শতাংশ লোকে কৰ’না ভেকচিনৰ কমেও এটা ড’জ লাভ কৰিছে।