NORTHEAST NOW (Assamese)

কৃষি আইনৰ প্ৰতিবাদ! বিজেপি নেতাৰ ঘৰৰ সন্মুখত প্ৰতিবাদকাৰীয়ে সজালে গোবৰৰ দম

January 2, 2021 11:31 am · এন ই নাও নিউজ

চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰিলেও এমাহ ধৰি চলি থকা কৃষক বিক্ষোভৰ সমাধান সূত্ৰ ওলোৱা নাই । কৃষি আইনক লৈ এতিয়াও চৰকাৰ আৰু বিদ্ৰোহী কৃষকৰ মাজত সংঘাত অব্যাহত আছে।

ইয়াৰ মাজতে পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা তিকসান সুদৰ ঘৰৰ দুৱাৰমুখত গোবৰ দমাই অনা ট্ৰাক খালী কৰি এদল প্ৰতিবাদকাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰাৰ অভিযোগ উঠিছে।

তদুপৰি, তেওঁলোকে সদলবলে নেতাগৰাকীৰ ঘৰৰ সন্মুখত থিয় হৈ নতুন কৃষি আইনৰ বিৰুদ্ধে শ্ল’গানো দিয়ে।

ছচিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে বিয়পি পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে বিজেপি নেতাগৰাকীৰ মূল গেটৰ সন্মুখত সজাই ৰখা হৈছে গোবৰৰ দম।

হোছিয়াৰপুৰ বিজেপি নেতাগৰাকীয়ে পাছত ৰায়বাহাদুৰ জোধামল ৰোডত ধৰ্ণাত বহে। তেওঁ অভিযুক্তসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত কোনেও যাতে হাতত আইন তুলি নলয় তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়।

এক বিবৃতিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পঞ্জাৱ নাইবা দিল্লী সীমান্তত এতিয়ালৈকে শান্তিৰ মাজেৰে কৃষক আন্দোলন আগবাঢ়িছে। কৃষক নেতাসকলৰ অনুৰোধ মৰ্মে কোনোৱে আইন-শৃংখলাৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰা নাই।

তেওঁ কয় যে এনে পৰিস্থিতিৰ মাজতে এনে প্ৰতিবাদে আন্দোলনকাৰীসকলৰ ভাবমূৰ্তি বিনষ্ট কৰিব। তদুপৰি, ইয়াৰ বাবে ৰাজ্যখনৰ শান্তিৰ পৰিৱেশে বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related News