• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“গুজৰাট নিৰ্বাচনৰ বাবেই মোক গ্ৰেপ্তাৰ কৰা হৈছে”: গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জিগনেশ মেৱানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2022 8:30 pm
Jignesh Mevani
310
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক আজি জামিন প্ৰদান কৰে বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে। জামিন লাভ কৰাৰ পিছতে গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিৰোধী শিবিৰৰ অন্যতম শক্তিশালী বিধায়ক গৰাকীয়ে।

“মোৰ গ্ৰেপ্তাৰ কোনো সাধাৰণ বিষয় নহয়। এইয়া প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজনৈতিক বিষয়াসকলৰ নিৰ্দেশনাত কৰা হৈছিল।”— মেৱানীয়ে কয়।

এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে শাসকীয় বিজেপিয়ে এই সকলো ষড়যন্ত্ৰ কৰি আছে বুলি অভিযোগ কৰে মেৱানীয়ে।

সংবাদ মাধ্যমৰ আগত মেৱানীয়ে কয়, “এয়া এক ষড়যন্ত্ৰ। মোৰ বিৰুদ্ধে কৰা দুয়োটা গোচৰেই মিছা। গুজৰাটত নিৰ্বাচন আহি আছে, সেয়েহে মোক লক্ষ্য কৰা হৈছে। মানুহে এই কৌশল বুজি পাইছে।”

“গুজৰাটৰ পৰা মোক গ্ৰেপ্তাৰ কৰাৰ লগে লগে মই জানিছিলো যে তেওঁলোকে মোক বিভিন্ন প্ৰকাৰে ফান্দত পেলোৱাৰ পৰিকল্পনা কৰিছে। অসমত গুজৰাটৰ এজন বিধায়কক লক্ষ্য কৰি লোৱাটো এটা ডাঙৰ ষড়যন্ত্ৰৰ অংশ।”— মেৱানীয়ে লগতে কয়।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা এটা টুইটৰ গোচৰত মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত জামিন লাভৰ কিছু সময়ৰ পিছতেই কৰ্মৰত মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল বিধায়ক গৰাকীক।

সাংবাদিকৰ সৈতে কৰা বাৰ্তালাপত মেৱানীয়ে কয়, “মই কৰা টুইটটোৰ বাবে মই এতিয়াও গৌৰৱান্বিত। টুইটটোত মই মূলতঃ প্ৰধানমন্ত্ৰীক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছিলো। ভাৰতৰ এজন নাগৰিক হিচাপে এই বিষয়ে প্ৰশ্ন কৰিবলৈ মোৰ অধিকাৰ আছে।”

আনহাতে দ্বিতীয়টো গোচৰ সন্দৰ্ভত মেৱানীয়ে কয় যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ প্ৰস্তুত কৰিবলৈ চৰকাৰে এগৰাকী মহিলাক ব্যৱহাৰ কৰিছে। চৰকাৰে ইয়াৰ দ্বাৰা কাপুৰুষালিৰ আশ্ৰয় লৈছে বুলি মেৱানীয়ে শাসনাধিষ্ঠ বিজেপি চৰকাৰক উপহাস কৰে।

বিজেপি চৰকাৰক প্ৰশ্ন কৰা বা সত্যৰ পক্ষত কথা কোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে বিজেপিয়ে গোচৰ তৰে বুলি অভিযোগ কৰে দলিত নেতা গৰাকীয়ে।

আনহাতে অসমবাসী জনসাধাৰণ আৰু কংগ্ৰেছৰ মানুহে এই সময়ছোৱাত তেওঁক কৰা সমৰ্থন যথেষ্ট সহায়ক আছিল বুলিও কৃতজ্ঞতাৰে দোহাৰে বিধায়কজনে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd