• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইনৰ শাসন ভূলুণ্ঠিত কৰি চলিছে সোণাপুৰৰ উচ্ছেদ; আহতক চিকিৎসালয়ত সাক্ষাৎ চি পি আই (এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 10:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখন ক্ষমতালৈ অহাৰ পৰাই সকলো আইন-কানুন উলঙ্ঘন কৰি নিৰ্মম উচ্ছেদ অভিযান চলাই গৈছে। উচ্ছেদ অভিযানসমূহৰ অন্যতম লক্ষ্যই হ’ল তীব্ৰ সাম্প্ৰদায়িক উত্তেজনা আৰু বিভাজন সৃষ্টি কৰা। শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কচুতলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ চলাইছে। এই দাবী চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ।

তেওঁলোকে অভিযোগ কৰে যে সোণাপুৰ ব্লকৰ অধীনৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি বেদখলমুক্ত কৰাৰ নামত দেশৰ আইন,আদালতৰ নিৰ্দেশ জলাঞ্জলি দি গৰিব মানুহৰ সম্পত্তি ধ্বংস কৰি নিৰ্মমভাৱে উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে প্ৰত্যেক ব্যক্তিক উচ্ছেদৰ জাননী দিয়াৰ লগতে শুনানী গ্ৰহণৰ পিছতহে উচ্ছেদ কৰিব পাৰিব বুলি কোৱাৰ পাছতো আইনক বুঢ়া আঙুলি দেখুৱাই মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনে উচ্ছেদ চলাইছে।

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীয়ে পাব নতুন ‘চন্দ্ৰ’, কিমান দিন ৱৰ্তি থাকিব অস্তিত্ব?

Apply Now

দলটোৰ লগতে অভিযোগ, ‘তদুপৰি বহু লোকৰ মাটিৰ পট্টা থকাৰো তথ্য পোৱা গৈছে। সেয়ে সকলো দিশ পুংখানুপুংখ বিচাৰ কৰিহে চৰকাৰ আগবাঢ়িব লাগিছিল। জনজাতীয় বেষ্টনীৰ সুৰক্ষাৰ দিশটো বিবেচনা কৰি নিতান্তই উচ্ছেদ প্ৰয়োজন হ’লে সংশ্লিষ্ট পৰিয়ালসমূহক বিকল্প সংস্থাপন দিহে সিদ্ধান্ত ল’ব লাগিছিল। কিন্তু এই সকলোবোৰ উলংঘা কৰি চৰকাৰে গুণ্ডাবাহিনীৰ দৰে আচৰণ কৰিছে।‘

উচ্ছেদ অভিযানত গুলীয়াই দুজনক হত্যা কৰাৰ লগতে বহুজনক গুৰুতৰভাৱে আহত কৰিছে। ফুলকুমলীয়া ১১ বছৰীয়া শিশু কন্যাৰ গুপ্তাংগত গুলীয়াই হিমন্ত বিশ্ব চৰকাৰ কিমান নৃশংস সেয়া পৃথিৱীৰ সন্মুখত উদঙাই দিলে। শাসনলৈ যোৱাৰে পৰা এইখন চৰকাৰৰ হাত অজস্ৰ দুখীয়া মানুহৰ তেজেৰে ৰাঙলী হৈ গৈছে। কচুতলীত‌ প্ৰশাসনে ৩০ বিঘা মাটিত ট্ৰেক্টৰ চলাই ফচল সম্পূৰ্ণ ধ্বংস কৰি দিছে। তদুপৰি গোটেই অঞ্চলটোত বিভিন্ন ধৰণে সন্ত্ৰাস চলিছে আৰু শাসকীয় দলৰ পৃষ্ঠপোষকতাত বিভিন্ন দুৰ্বৃত্তই উচ্ছেদিত ৰাইজৰ পশুধন আৰু ফচল ধ্বংস কৰি হাৰাশাস্তি কৰাৰো খবৰ পোৱা গৈছে।

কালি চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য অজিত দাস আৰু নিৰংকুশ নাথে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ আহত লোকসকলক সাক্ষাৎ কৰে। উদ্বেগৰ কথা যে চৰকাৰে দল-সংগঠনৰ প্ৰতিনিধিক আহতসকলৰ সৈতে সাক্ষাৎ কৰি কথা -বতৰা পতাতো নানা ধৰণে বাধা দি প্ৰকৃত ঘটনাক ঢাকি ৰাখিব বিচাৰিছে।

লগতে পঢ়কঃ ডিব্ৰুগড়ত মহিলাই হত্যা কৰিলে স্বামীক; দুই সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে বিকল্প ব‍্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে। নিহত সকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে আহতৰ বাবে বিনামূলীয়া চিকিৎসা আৰু ক্ষতিপূৰণ দাবী কৰিছে। দলে গুলীচালনাৰ উপযুক্ত তদন্ত দাবী কৰিছে আৰু মানৱ অধিকাৰ আয়োগক ঘটনাটোৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd