২০ দফীয়া দাবীৰে শিৱসাগৰ আৰু নাজিৰাত চিপিআইৰ অৱস্থান ধৰ্মঘট

CPI stages sit-in protest in Sivasagar

চি পি আই ৰাজ্য পৰিষদৰ আহ্বান মৰ্মে আজি ৰাজ্যজুৰি ২০ দফীয়া জনস্বাৰ্থ দাবী চনদৰ ভিত্তিত বিভিন্ন জিলা আৰু মহকুমা সদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু নাজিৰা নাট্যমন্দিৰৰ প্ৰঙ্গণত চিপিআই ৰাজ্য পৰিষদৰ আহ্বানত চিপিআই শিৱসাগৰ সমষ্টি পৰিষদ আৰু নাজিৰা  মহকুমা পৰিষদে এই অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে।

অৱস্থান ধৰ্মঘটস্থলিত অংশগ্ৰহণ কৰি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে তেওঁলোকৰ দাবী সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু চৰকাৰৰ অসম বিৰোধী কৃষক বিৰোধী শ্ৰমিক বিৰোধী যুৱ-ছাত্ৰ আৰু মহিলা বিৰোধী কামকাজক চোকা সমালোচনা কৰে৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মইমতালিৰে গ্ৰহণ কৰা সিদ্ধান্ত সমূহেই দেশৰ আজি এই অৱস্থা বুলি কৈ তেখেতক সংবিধান সংসদীয় ব্যৱস্থাত বিশ্বাস ৰাখি কাম কৰিবলৈ কয় আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায়৷

আনহাতে যোৱা কালি ৰাজ্যসভাত পাছ কৰা আইন কেইখনৰ কৃষক বিৰোধী দফা সমূহ বাতিল কৰিবলৈও দাবী জনায়৷

ইয়াৰ উপৰিও CAA বাতিল আৰু অখিল গগৈক মুক্তি দিয়াকে ধৰি EIA -২০২০, NEP -২০২০ত থকা জনগণ বিৰোধী দফা সমূহ বাতিল কৰিবলৈ দাবী জনায়৷

নাজিৰা মহকুমা সম্পাদক যোগেন চেতিয়াই আঁত ধৰা অৱস্থান স্থলিত চি পি আই নেতা ৰুহিত বড়া, মহিলা নেত্ৰী ৰাণু বৰুৱাকে ধৰি ভালেকেইজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে৷