• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিংস্ৰ হৈ পৰিছে, অসম চৰকাৰে ৰাজ্যত হত্যা-হিংসাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে- চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 7:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে ক্ষমতাৰ খকত উন্মত্ত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্ৰমাৎ অধিক হিংস্ৰ হৈ পৰিছে আৰু সেয়ে তেওঁ নিজৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বৰ্বৰ স্বৰূপটো উদঙাই দিছে। চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে উদ্বেগেৰে লক্ষ্য কৰি এই সন্দৰ্ভত এক বিবৃতিযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  

যোৱা ২৮ মে’ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সংবাদমেলত ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে ৰাজ্যৰ বৰপেটা, ধুবুৰী, নগাঁও আদিকে ধৰি স্পৰ্শকাতৰ অঞ্চলবোৰত অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চলত ‘খিলঞ্জীয়া’ লোকক আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। তেওঁৰ মতে কেইবাখনো জিলাৰ ভাবুকিৰ মাজত থকা ‘খিলঞ্জীয়া’ লোকসকল সন্দেহযুক্ত বাংলাদেশীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু সেয়ে ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকক নিজৰ সুৰক্ষাৰ বাবে অচিৰেই মাৰণাস্ত্ৰৰ লাইচেঞ্চ দিব।

Apply Now

চিপিআইএমে বিবৃতিটোত কয় যে দৰাচলতে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ দৃষ্টিত পূৰ্ববংগীয় মূলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলেই ‘সন্দেহযুক্ত বাংলাদেশী’। দেশৰ প্ৰচলিত আইনী প্ৰক্ৰিয়াৰে বাংলাদেশী বুলি চিনাক্ত কৰাৰ আগেয়েই তেওঁলোকক অবৈধ তথা সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি ৰাজ্য তথা আৰক্ষী প্ৰশাসনে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এচাম লোকক অবিৰাম হাৰাশাস্তি কৰি আছে আৰু তেওঁলোকৰ ওপৰত নতুনকৈ আৰম্ভ কৰিছে আমানৱিক অত্যাচাৰ।

বিবৃতিটোত দাবী কৰা হৈছে যে দেশীয় আৰু আন্তৰ্জাতিক আইন-কানুন সম্পূৰ্ণ বিসৰ্জন দি আৰু অকণো বাছ-বিচাৰ নকৰাকৈ যোৱা পাঁচদিনত বহুতকে অবৈধ নাগৰিক বুলি আৰক্ষীয়ে ধৰি আনি বাংলাদেশলৈ বলপূৰ্বক খেদি পঠাইছে। ইপিনে বাংলাদেশ চৰকাৰেও তেওঁলোকক গ্ৰহণ নকৰাৰ ফলত দুই দেশৰ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে।

অসম চৰকাৰৰ কেবিনেটৰ শেহতীয়া সিদ্ধান্ত জঘন্য সাম্প্ৰদায়িক আৰু ভাৰতীয় সংবিধানৰ পৰিপন্থী। এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে সাম্প্ৰদায়িক মেৰুবিভাজনক বৰ্বৰ ৰূপ দিব বিচৰাই নহয়, ৰাজনীতিৰ অপৰাধীকৰণ তথা ৰাজ্যখনত সাম্প্ৰদায়িক হিংসা আৰু হত্যাৰ ক্ৰুৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে। সমুখত বিধানসভাৰ নিৰ্বাচন। সেয়ে ক্ষমতাত তিষ্ঠি থকাৰ বাবে  বিজেপি দল আৰু চৰকাৰে উন্মাদৰ দৰে আচৰণ কৰিছে। লগে লগে উদঙাই দিছে আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা আৰু অপদাৰ্থতা।

চিপিআইএমে বিবৃতটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লগতে কয় যে থলুৱা জনগোষ্ঠীসমূহৰ উপৰি সকলো ভাৰতীয় নাগৰিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব। সেই দায়িত্ব পালনত নিজৰ অক্ষমতা নিৰ্লজ্জভাৱে প্ৰকাশ কৰি ৰাজ্য চৰকাৰে এতিয়া ‘খিলঞ্জীয়া’ৰ নিৰাপত্তাৰ নামত একাংশ লোকৰ হাতত মাৰণাস্ত্ৰ তুলি দি ৰাজ্যত ৰক্তপাতৰ সূচনা কৰিব বিচাৰিছে আৰু গোষ্ঠীগত তথা সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষৰ বাবে উচটনি দিছে।

চিপিআইএমৰ অভিযোগ যে ইতিমধ্যেই ৰাজ্যত পুলিচ-ৰাজ প্ৰতিষ্ঠাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উঠি-পৰি লগাৰ পাছত এতিয়া জনগণৰো একাংশৰ হাতত আগ্নেয়াস্ত্ৰ তুলি দি ৰাজ্যখনক এক অৰাজক আৰু বিপজ্জনক দিশলৈ ঠেলি দিব খুজিছে। তদুপৰি মাৰণাস্ত্ৰ সহজলভ্য হোৱাৰ লগে লগে ৰাজ্যত উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী শক্তিবোৰেও ইয়াৰ পূৰ্ণ সুযোগ লৈ অনায়াসে অস্ত্ৰ সংগ্ৰহ কৰিব। ধৰ্মীয় মৌলবাদী শক্তিবোৰো অধিক সক্ৰিয় হ’বলৈ সুযোগ পাব।

সেয়ে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অনতিবিলম্বে ইয়াক প্ৰত্যাহাৰৰ দাবী জনাইছে। পাৰ্টিয়ে অসমৰ শান্তি-সম্প্ৰীতি আৰু ঐক্যৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ এনে আত্মঘাতী সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ বাবে ৰাজ্যখনৰ সকলো অংশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd