• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

এম এ বেবীয়ে কয় যে সাধাৰণতে লোকসভাত বিৰোধী দলৰ নেতাৰ এই দাবী উত্থাপন কৰাৰ অধিকাৰ আছে। অৱশ্যে পৰৱৰ্তী চৰকাৰ কোনে নেতৃত্ব দিব সেই আলোচনা নিৰ্বাচনৰ পিছতেই হ’ব লাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2026 12:55 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱিষ্যতে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিবনে? এই প্ৰশ্নক লৈ চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে, লোকসভাত বিৰোধী দলৰ নেতা হিচাপে বিৰোধী দল ক্ষমতালৈ আহিলে প্ৰধানমন্ত্ৰী পদৰ দাবী কৰাৰ অধিকাৰ ৰাহুলৰ আছে। যদিও নিৰ্বাচনৰ পূৰ্বেই তেওঁক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পক্ষত নাই চিপিএমৰ সাধাৰণ সম্পাদকগৰাকী।

এম এ বেবীয়ে কয় যে সাধাৰণতে লোকসভাত বিৰোধী দলৰ নেতাৰ এই দাবী উত্থাপন কৰাৰ অধিকাৰ আছে। অৱশ্যে পৰৱৰ্তী চৰকাৰ কোনে নেতৃত্ব দিব সেই আলোচনা নিৰ্বাচনৰ পিছতেই হ’ব লাগে। বিৰোধী দলসমূহে প্ৰথমে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিব লাগে। ইয়াৰ পিছত সংশ্লিষ্ট ৰাজনৈতিক দলসমূহে আলোচনাৰ জৰিয়তে সিদ্ধান্ত ল’ব পাৰে।

তেওঁৰ ভাষাত “বিৰোধীয়ে জয়ী হ’লে প্ৰধানমন্ত্ৰী কোন হ’ব সেই সম্পৰ্কে আলোচনা নিৰ্বাচনৰ পিছতহে হ’ব লাগে।” বিৰোধী শিবিৰৰ দলসমূহ যথেষ্ট পৰিপক্ক আৰু সময় আহিলে গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হ’ব পাৰিব বুলিও বেবীয়ে বিশ্বাস কৰে।

Apply Now

এই প্ৰেক্ষাপটত চি পি এমৰ সাধাৰণ সম্পাদকগৰাকীয়ে ১৯৯৬ চনৰ ৰাজনৈতিক পৰিস্থিতিৰ কথাও সোঁৱৰাই দিয়ে। সেই সময়ত ইউনাইটেড ফ্ৰণ্টে সৰ্ববৃহৎ ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত পশ্চিম বংগৰ তদানীন্তন মুখ্যমন্ত্ৰী জ্যোতি বসুক প্ৰধানমন্ত্ৰী কৰাৰ প্ৰস্তাৱ চৰ্চালৈ আহিছিল। চিপিএমৰ কেন্দ্ৰীয় সমিতিতো এই বিষয়ত আলোচনা কৰা হয়। কিন্তু শেষত দলটোৱে এই প্ৰস্তাৱত সন্মতি নিদিলে।

বেবীয়ে লগতে স্পষ্ট কৰি দিয়ে যে বৰ্তমানৰ পৰিস্থিতিত চিপিএম নিজেই প্ৰধানমন্ত্ৰীৰ পদৰ দাবী নকৰে। সংসদত দলৰ শক্তিৰ প্ৰতি লক্ষ্য ৰাখি এনে দাবী হাস্যকৰ হ’ব বুলিয়েই তেওঁৰ যুক্তি। সেইবাবেই বিৰোধী শিবিৰ জয়ী হ’লে লোকসভাত বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীৰ দাবী স্বাভাৱিকতে চৰ্চালৈ আহিব পাৰে।

কিন্তু চিপিএমৰ সাধাৰণ সম্পাদকগৰাকীয়ে এতিয়াই সম্ভাৱ্য নেতৃত্বক লৈ কোনো ধৰণৰ অনুমান বা ৰাজনৈতিক সমীকৰণ কৰিব নিবিচাৰে। তেওঁৰ মতে, নিৰ্বাচনৰ পূৰ্বে যদি প্ৰধানমন্ত্ৰী পদৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হয়, তেন্তে বিৰোধীয়ে নিজৰ মূল লক্ষ্যৰ পৰা মনোযোগ হেৰুৱাব পাৰে। এতিয়াৰ বাবে বিৰোধী দলসমূহে বিজেপিক পৰাস্ত কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰাত মনোনিৱেশ কৰাটো প্ৰয়োজন।

বেবীয়ে কয় যে তামিলনাডুৰ এজন অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা জোচেফ বিজয়ৰ নামো সম্ভাৱ্য ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে কিছু মহলত চৰ্চা চলি আছে। যদিও তেওঁ সেই বিতৰ্কত সোমাব বিচৰা নাই। তেওঁৰ মতে এনেধৰণৰ আলোচনা সম্পূৰ্ণ বেলেগ বিষয়।

মুঠৰ ওপৰত এম এ বেবীৰ স্থিতি স্পষ্ট – বিৰোধীয়ে প্ৰথমে নিৰ্বাচনত জয়ী হৈ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব লাগে। প্ৰধানমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত বিৰোধী দলসমূহৰ মাজত পাৰস্পৰিক আলোচনাৰ জৰিয়তে লোৱা উচিত। কিন্তু সেই পৰিস্থিতিত ৰাহুল গান্ধীৰ দাবী যে আওকাণ কৰিব পৰা নাযাব চিপিএমৰ সাধাৰণ সম্পাদগৰাকীয়ে তাৰো ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd