ভাৰতৰ ক’ভিড যুদ্ধৰ বাবে ইউনিচেফলৈ ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ই আগবঢ়াব ৫০,০০০ মাৰ্কিন ডলাৰ

(ক্ৰিকেট অষ্ট্ৰেলিয়াৰ লগ')

ভাৰতৰ ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ শৈক্ষিক পুঁজিয়ে (ইউনিচেফ) আহ্বান কৰা সাহাৰ্যপুঁজিলৈ ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ই ৫০,০০০ মাৰ্কিন ডলাৰ সাহাৰ্য আগবঢ়াব।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডখনে সোমবাৰে  প্ৰাথমিক পৰ্যায়ত ইমান পৰিমাণৰ সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে ভাৰতীয় হিচাপত ৫০,০০০ মাৰ্কিন ডলাৰৰ পৰিমাণ ৩৭ লাখ টকা।

গুৰুত্বৰভাৱে আক্ৰান্ত ক’ভিড-১৯ ৰোগীসকলক অক্সিজেন যোগান, ক’ভিড টেষ্টিঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু ক’ভিড ভেকচিন যোগান ধৰিবলৈ ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ই টকাখিনি আগবঢ়াইছে।

এই সম্পৰ্কত ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী নিক হকলেই (Nick Hockley) কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এটা বিশেষ সম্পৰ্ক আছে আৰু দুয়োখন দেশৰ জনসাধাৰণৰ ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা হৈছে সেই বন্ধুত্বৰ মূল উৎস।

তেওঁ এইক্ষেত্ৰত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ পেট কামিনছ আৰু ব্ৰেট লীয়ে ভাৰতলৈ অনুদান আগবঢ়োৱাৰ কথাও বিশেষভাৱে উল্লেখ কৰি কয় যে  ক্ৰিকেটাৰ দুজনৰ এই কাৰ্যত ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ৰ চকু মেল খালে।

উল্লেখযোগ্য যে পেট কামিনছৰ পাছতে ইতিমধ্যে ক্ৰিকেট বিশ্বৰ কেইবাজনো তাৰকা আৰু আইপিএলৰ দলসমূহে ভাৰতৰ ক’ভিড যুদ্ধলৈ বৰঙনি আগবঢ়োৱা পৰিলক্ষিত হৈছে।