NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত বিজেপি কৰ্মী পুলকেশ মহন্তক হত্যাৰ চেষ্টাৰে ঘৰলৈ লক্ষ্য কৰি গুলীচালনা

April 24, 2019 3:21 pm · এন ই নাও নিউজ
Updated: April 24, 2019 3:25 pm
মাৰ্ঘেৰিটাৰ বিজেপি কৰ্মী পুলকেশ মহন্ত

মঙলবাৰে অসমৰ চৈধ্যটা লোককসভা সমষ্টিৰ বাবে তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সামৰণি পৰে। নিৰ্বাচনৰ সামৰণিৰ দিনাই মাৰ্ঘেৰিটাত অচিনাক্ত দুৰ্বৃত্তই বিজেপিৰ এগৰাকী কৰ্মীক হত্যাৰ চেষ্টা কৰি কৰ্মীজনৰ ঘৰলৈ লক্ষ্যকৰি গুলীচালনা কৰে।

ঘটনাৰ বিবৰণী অনুসৰি মঙলবাৰে নিশা মাৰ্ঘেৰিটাৰ ১নং লাজুমগাঁৱৰ বিজেপি কৰ্মী পুলকেশ মহন্তৰ ঘৰলৈ অচিনাকী অস্ত্ৰধাৰীৰ দল এটাই গুলীচালনা কৰে। সৌভাগ্যক্ৰমে এই গুলী চালনাৰ ঘটনাত বিজেপি কৰ্মীজনৰ অথবা পৰিয়ালৰ কোনো লোক হতাহত হোৱা নাই।

ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে বিজেপি কৰ্মীগৰাকীৰ অভিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ৰাজনৈতিক শত্ৰুতাৰ বাবে এনে আক্ৰমণ সংঘটিত কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হয়। আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, অচিনাকী দুৰ্বিত্তৰ গুলীচালনাত পুলকেশ মহন্তৰ ব্যক্তিগত বাহনখন ক্ষতিগ্ৰস্ত হয়। ৰাজ্যত বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ কোনো নতুন কথা নহয়। নব্বৈৰ দশকতো বিজেপি কৰ্মীসকল দুৰ্বিত্তৰ এনেধৰণৰ আক্ৰমণৰ সন্মুখিন হৈছিল।

Related News