সংকটত শাৰদ পাৱাৰৰ এন চি পি? দলীয় কাৰ্যসূচীত নাই ভতিজাক অজিত! খবৰ নাই ৭ জন বিধায়কৰ

শিৱসেনাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত এন চি পিত ভাঙোন আনিব পাৰে বিজেপিয়ে। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰৰ সৈতে গেৰুৱা-শিবিৰৰ ‘যোগাযোগ’ গোপনে আৰম্ভ হোৱা বুলি বিগত কেইমাহমানৰ পৰা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি অজিতে শুকুৰবাৰে নিজৰ চৰকাৰী গাড়ী আৰু অন্যান্য সা-সুবিধা ত্যাগ কৰে। দলীয় সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে। এনে পৰিস্থিতিত তেওঁৰ দল ত্যাগৰ সম্ভাৱনাই এন চি পিত নতুন আশংকাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: বৰপেটাত আৰক্ষীৰ অভিযানত আটক PFI ৰ দুই শীৰ্ষ নেতাৰ লগতে এগৰাকী CFI ৰ শীৰ্ষ নেতা

বিগত সময়তো অজিতে খুড়াকৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিজেপিৰে হাত মিলাইছিল। কিন্তু বিধায়িনী দলত বিভাজন ঘটাব নোৱাৰি পুনৰ এন চি পিলৈ উভতি আহে। এইবাৰ অজিতৰ ঘনিষ্ঠ এনচিপিৰ ৭জন বিধায়ক হঠাৎ ‘নিৰুদ্দেশ’ হৈ পৰিছে। মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ অযোধ্যা ভ্ৰমণৰ পূৰ্বে এই ঘটনাই মাৰাঠা ৰাজনীতিত  নতুন পাক ল’বলৈ গৈ আছে বুলি চৰ্চা চলিছে।

একনাথ সিন্দেৰ বিদ্ৰোহে শিৱসেনা ভাঙি পেলোৱা আৰু উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰীৰ পদ হেৰুওৱাৰ পিছত এন চি পি মহাৰাষ্ট্ৰৰ বিৰোধী মিত্ৰজোঁট ‘মহাবিকাশ আঘাৰী’ৰ সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হয়। বিগত জুলাই মাহত দলটোৰ সংসদীয় নেতা হিচাপে বিৰোধী দলটোৰ নেতা হৈছিল অজিত পাৱাৰ। তাৰ আগতে তেওঁ উদ্ধৱ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল। যদি তেওঁ দল ত্যাগ কৰে তেন্তে এন চি পি সংকটৰ সন্মুখীন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

যোৱা ডিচেম্বৰ মাহত এন চি পিৰ ৰাষ্ট্ৰীয় অধিৱেশনত পুনৰ সভাপতি পদলৈ নিৰ্বাচিত হৈছিল শাৰদ পাৱাৰ। সেই সময়ত খুড়াকৰ ভাষণৰ মাজতে অজিতে সভাৰ পৰা ওলাই আহিছিল। দৰাচলতে তেতিয়াৰ পৰাই মাৰাঠা ৰাজনীতিত তেওঁ এন চি পি ত্যাগ কৰাৰ সম্ভাৱনাক লৈ জল্পনা-কল্পনা চলি আহিছে।

লগতে পঢ়ক:চীন কোন নিচিনে টাইৱানে; হাতত আমেৰিকাৰ FGM 148 এণ্টি টেংক গাইডেড মিছাইল! মাতে কোনে?

উল্লেখ্য যে  ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ পিছতো এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজাক ‘বিদ্ৰোহী’ অজিত হৈ পৰিছিল। বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছে তেওঁৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিত উপ-মুখ্যমন্ত্ৰী হৈছিল। কিন্তু এন চি পি বিধায়িনী দলত বিভাজন আনিব নোৱাৰাৰ বাবে দুয়োজনে পদত্যাগ কৰিবলগীয়া হয়। অজিতে পুনৰ শাৰদৰ শিবিৰত আশ্ৰয় ল’লে। শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাৰী মিত্ৰজোঁট চৰকাৰত শাৰদে তেওঁক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।