নিষ্ঠুৰ! চিকিৎসাৰ নামত যুৱতীৰ মূৰত ১৮টা বেজী সুমুৱাই গ্ৰেপ্তাৰ হ’ল তান্ত্ৰিক

কেইবাবছৰ ধৰি অসুস্থ হৈ আছিল যুৱতীগৰাকী। বহু ডাক্তৰক দেখা কৰাৰ পাছতো কোনো লাভ নহ’ল। অৱশেষত পৰিয়ালটোৱে তেওঁক এজন তান্ত্ৰিকৰ ওচৰলৈ লৈ গ’ল। তান্ত্ৰিকগৰাকীয়ে চিকিৎসাৰ নামত ছোৱালীজনীৰ মূৰত ১৮টা বেজী সোমুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ওড়িশাৰ বালাংগীৰ জিলাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ১৯ বছৰীয়া যুৱতীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। বিভিন্ন চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছতো যুৱতীগৰাকীৰ স্বাস্থ্য ভাল হোৱা নাই বুলি দাবী কৰিছে ছোৱালীজনীৰ পৰিয়ালে। গতিকে চিনাকি কিছুমানৰ পৰামৰ্শ মতে সন্তোষ ৰাণা নামৰ তান্ত্ৰিকজনৰ কাষ চাপিল। আৰু সেই তান্ত্ৰিকৰ বিৰুদ্ধে জৰাফুকা আৰু চিকিৎসাৰ নামত নৃশংস কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

ছোৱালীজনীৰ দেউতাকে কয় যে তান্ত্ৰিকে তেওঁলোকৰ ছোৱালীজনীক এটা কোঠালৈ লৈ গৈছিল আৰু দুৱাৰখন বন্ধ কৰি দিছিল। এঘণ্টাৰ পাছত ছোৱালীজনী ওলাই আহিল। তাৰ পিছত বিষত চিৎকাৰ কৰিবলৈ ধৰিলে। তেতিয়াই ছোৱালীজনীৰ দেউতাকে দেখিলে যে ছোৱালীজনীৰ মূৰত বেজী এটা আছে। ছোৱালীজনীৰ মূৰৰ পৰা আঠটামান বেজী আঁতৰাই দিলে। কিন্তু বিষ কমি যোৱা নাছিল। ইয়াৰ বিপৰীতে যুৱতীগৰাকীৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছিল। ইয়াৰ পাছতে যুৱতীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিটি স্কেনত যুৱতীগৰাকীৰ মূৰত ১০টা বেজী সোমাই থকা বুলি জানিব পৰা গৈছে।

কিন্তু সেই তান্ত্ৰিক কেনেকৈ বেজীটো ঠেলি দিলে? ছোৱালীজনীয়ে দেউতাকক কয় যে ঝাড়ু মূৰত মাৰি দিয়াৰ সময়ত তাই অজ্ঞান হৈ পৰিছিল। হয়তো তান্ত্ৰিকে সেই সুযোগ গ্ৰহণ কৰে। কিন্তু বেজীটো কেনেকৈ মূৰত লাগি আছিল তাই গম পোৱা নাছিল।

যুৱতীগৰাকীৰ পিতৃয়ে তান্ত্ৰিকৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিতেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।